দাংধৰাত কমিউনিটি ছিড বেংকৰ শুভাৰম্ভ..

দাংধৰাত কমিউনিটি ছিড বেংকৰ শুভাৰম্ভ..
দাংধৰাত কমিউনিটি ছিড বেংকৰ শুভাৰম্ভ..

ডিজিটেল সংবাদ বেকাজানঃ তিতাবৰ মহকুমাৰ মাধপুৰ গাঁও পঞ্চায়ত অন্তৰ্গত দাংধৰা অঞ্চলৰ প্ৰগতিশীল কৃষক তথা কৃষক সংগঠক ৰাজীৱ মৰাংৰ বাসগৃহত আজি Community Seed Bank An UN Environment GEF Project ৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয় । জি ই এফ প্ৰকল্পটো ফিটা কাটি শুভ উদ্বোধন কৰে নেচনেল প্ৰজেক্ট ক'অৰিডিনেটৰ ইউ.এন-জি.পি.এফ. প্ৰজেক্ট ড০ জি. চি. ৰাণাই ।

যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপিকা ড০ মলয়া গগৈয়ে আঁতধৰা অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ অধ্যক্ষ তথা বিজ্ঞানী ডি. জে. নাথ, যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰৰ কেমিকেল বিভাগৰ বিষয়বস্তু বিশেষজ্ঞ সমীৰণ ভট্ট, যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপিকা ড০ অনজুমা গায়ন, ঠেঙ্গাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ অচিন্ত্য শইকীয়া, বিৰিণাশায়েক গাঁও পঞ্চায়তৰ সভাপতি অজিত গগৈ, ফিল্ড এচিচটেন্ট বিপিন বৰা, শিলিখাবাৰীৰ প্ৰগতিশীল কৃষক কোষেশ্বৰ কছাৰীকে প্ৰমুখ্যে কৰি বৃহত্তৰ মাধপুৰ অঞ্চলৰ কৃষক ৰাইজ।

বিশিষ্ট কৃষি বিজ্ঞানী ড০ ডি.জে. নাথে ভাষণ প্ৰসংগত কয় যে গ্ৰাম্য অঞ্চলৰ কৃষকৰ সহায় হোৱাকৈ এই প্ৰকল্পটো ইউ এন পৰিবেশ জিইএফ প্ৰকল্পটো মুকলি কৰা হৈছে। এই ছীড বেংকৰ জৰিয়তে কৃষকসকলক সকলো উপকৃত হ'ব। তদুপৰি কৃষকসকলৰ কৃষি সম্বন্ধীয় কিবা সমস্যা থাকিলে যোগাযোগ কৰিবলৈ আহবান জনায় ।

দাংধৰাত কমিউনিটি ছিড বেংকৰ শুভাৰম্ভ..
বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ বাবে ভাৰতীয় দল ঘোষণা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in