চতিয়াত পিতৃৰ প্ৰহাৰত পুত্ৰৰ মৃত্যু

চতিয়াত পিতৃৰ প্ৰহাৰত পুত্ৰৰ মৃত্যু

author-image
Asomiya Pratidin
New Update
চতিয়াত পিতৃৰ প্ৰহাৰত পুত্ৰৰ মৃত্যু

ডিজিটেল সংবাদ,চতিয়া : চতিয়াত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। চতিয়াৰ উত্তৰাঞ্চলৰ মনাই চাহ বাগিছাৰ ১১নং লাইনত সংঘটিত হৈছে এই হত্যাকাণ্ড।

Advertisment

প্ৰফুল্ল পাটৰ নামৰ পাষাণ পিতৃয়ে চোকা দাৰে ঘপিয়াই হত্যা কৰিলে ২৫বছৰীয়া পুত্ৰ প্ৰবীন পাটৰক। ঘটনাস্থলীত ইটাখোলা আৰক্ষী উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।

জানিব পৰামতে, ঘৰুৱা কন্দলৰ বাবে সংঘটিত হৈছে হত্যাকাণ্ড ৷ ইতিমধ্যে হত্যাকাণ্ডৰে জড়িত থকাৰ অভিযোগত অভিযুক্ত পিতৃক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। হত্যাকাণ্ডক লৈ সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি কৰিছে।

Also Read: আৰক্ষী বিষয়াৰ পোষ্টত কমেন্ট কৰি আটক যুৱক, চিন্তিত পিতৃ-মাতৃ

chatia Chatia Police crime Assam police