
ডিজিটেল ডেস্কঃ কুলাংগাৰ পুত্ৰৰ জঘন্য কাণ্ড। নিজ মাতৃক প্ৰহাৰ কৰিবলৈও হাত নকপিল এজন পুত্ৰৰ। গুৱাহাটীত সংঘটিত হৈছে এই ঘটনা।
জানিব পৰা মতে সমৰজ্যোতি ভৰালী নামৰ লোকজনে সংঘটিত কৰিছে এই ঘটনা। অভিযোগ অনুসৰি সমৰজ্যোতি ভৰালীয়ে খুঁটাত বান্ধি জন্মদাত্ৰী মাতৃক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে।
লাঠীৰে কোবাই কোবাই মাতৃক প্ৰহাৰ কৰে পুত্ৰই।ইয়াতে ক্ষান্ত নাথাকি মৰিয়াই মৰিয়াই মাতৃৰ গাত গৰমপানীও ঢালি দিয়ে। বৃদ্ধা মাতৃক চোতালত ৰছীৰে বান্ধি থৈ দিয়ে পুত্ৰই। জিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপতে সংঘটিত এই কাণ্ড।
বাতৰি লিখাৰ পৰলৈকে সমৰজ্যোতি ভৰালীৰ বিশেষ তথ্য পোৱা হোৱা নাই। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কি ব্যৱস্থা লয় সেয়া লক্ষণীয় হ'ব।