ৰাইজৰ অভাৱ-অভিযোগৰ প্ৰতি গুৰুত্ব নাই ঢকুৱাখনা পৌৰসভাৰ

পৌৰ সভাৰ অদূৰদৰ্শী স্থিতিত সচেতন নাগৰিক সমাজ ক্ষুব্ধ হৈ পৰিছে
ৰাইজৰ অভাৱ-অভিযোগৰ প্ৰতি গুৰুত্ব নাই ঢকুৱাখনা পৌৰসভাৰ

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনাৰ সাধাৰণ ৰাইজৰ অভাৱ-অভিযোগৰ প্ৰতি গুৰুত্ব নাই ঢকুৱাখনা পৌৰসভাৰ। একাংশ সচেতন নাগৰিকৰ অভিযোগ অনুসৰি, কেঁকোৰা চেঁপা দি পৌৰকৰ সংগ্ৰহৰ বাবে টঙালি বন্ধা ঢকুৱাখনা পৌৰ সভাৰ নাগৰিকৰ অভাৱ সমস্যা ,দুৰ্দশা দূৰীকৰণ বাবে সামান্যতমো আগ্ৰহী নহয়।

১০ টা ৱাৰ্ড বিশিষ্ট পৌৰ সভাৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ নাগৰিকসকলে দিনে নিশাই ভোগ কৰি অহা অভাৱ সমস্যালৈ কোনো যেন গুৰুত্ব নাই ৰাজীৱ দাস আৰু গৌৰাংগ দত্ত নেতৃত্বাধীন ঢকুৱাখনা পৌৰসভাৰ । পদপথ, নলা-নৰ্দমাৰ সমস্যা , বৰ্জিত পানী নিষ্কাশন সমস্যা , উপ-পথৰ দুৰৱস্থা,  ষ্ট্ৰীট লাইটৰ সমস্যাকে ধৰি এশ এবুৰি সমস্যাত জৰ্জৰিত পৌৰবাসীৰ প্ৰতি উদাসীন পৌৰসভা।

কিন্তু লক্ষ্যণীয় বিষয় এই যে, শেহতীয়াভাৱে পৌৰসভাই জাৰি কৰা খচৰা পৌৰ  সম্পত্তি কৰৰ নিয়ম প্ৰয়োগ কৰাতহে উঠি পৰি লাগিছে । অসম পৌৰ আইন ১৯৫৬ৰ ৭৯ এফ ধাৰাৰ অধীনত আৰোপিত সম্পত্তি কৰ অহা ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী কৰিবলৈ তৎপৰ হৈ পৰা পৌৰসভাই প্ৰাৰম্ভিকভাবে ৱাৰ্ডবাসীৰ সীমাহীন জলন্ত সমস্যাসমূহৰ স্থায়ী নিৰাময় কৰি লোৱাতো কামনা কৰিছিল নাগৰিকে। কিন্তু তাৰ প্ৰতি ভ্ৰূক্ষেপ নকৰি কেৱল উচ্চতম হাৰত কৰ-কাতল সংগ্ৰহকেই প্ৰধান লক্ষ্য কৰি লোৱা এইখন বেপৰোৱা পৌৰ সভাৰ অদূৰদৰ্শী  স্থিতিত সচেতন নাগৰিক সমাজ ক্ষুব্ধ হৈ পৰিছে। 

আকাশলঙ্ঘী সম্পত্তি কৰৰ বোজা জাপি দি বাস্তৱিকতে পৌৰবাসীক সৰ্বশ্ৰান্ত কৰিবলৈ টঙালি বন্ধা পৌৰপতি ৰাজীৱ দাস আৰু কাৰ্যবাহী বিষয়া গৌৰাংগ দত্ত নেতৃত্বাধীন পৌৰ সভাৰ এনে জনবিৰোধী নীতিৰ বিধিগত প্ৰতিবাদ কৰাৰ ক্ষেত্ৰত ৰহস্যজনকভাবে নিচ্ছুপ বিভিন্ন তথাকথিত সমাজ দায়বদ্ধ  দল সংগঠন ।  শেহতীয়াকৈ নগৰাঞ্চলত উদ্ভৱ হোৱা গৰাকী বিহীন ভদঙীয়া পশুধনৰ তাণ্ডৱ ৰোধৰ ক্ষেত্ৰতো এইখন পৌৰ সভাই গ্ৰহণ কৰা অবিবেচকী ভূমিকাই অতিষ্ঠ কৰি তুলিছে নাগৰিক ব্যৱসায়ী আৰু যান বাহনৰ গৰাকীসকলক।

প্ৰধানকৈ নগৰৰ কেন্দ্ৰস্থল নগৰ চাৰি আলিৰ ৰাজপথৰ মাজমজিয়াত দিনে ৰাতিয়ে বহু ভদঙীয়া গৰুৰ অবাধ আশ্ৰয়থলী হোৱাৰ পৰিপ্ৰেক্ষিতত যান বাহনৰ চলাচলৰ লগতে স্বাভাৱিক জীৱন যাত্ৰা বিঘ্নিত হৈ আহিছে । বহু কেইটা পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ পৰিণতিত পশুধনৰ লগতে মানৱ সম্পদৰো জীৱন বিপৰ্যস্ত হৈ আহিছে বুলি জানিবলৈ দিয়ে।

এনেবোৰ স্পৰ্শকাতৰ অভাৱ সমস্যাৰ প্ৰতি সামান্যতমো গুৰুত্ব নিদি অকৰ্মণ্য পৌৰসভাখনে সৰ্বসাধাৰণ নাগৰিকক ভোগাই আহিছে অৱৰ্ণনীয় জ্বালা যন্ত্ৰণা । পৌৰপতি ,কাৰ্যবাহী বিষয়া ,ৱাৰ্ড কমিচনাৰসকলৰ চকুৰ সন্মুখতে সদায় উদ্ভৱ হোৱা জটিল পৰিস্থিতি দেখিও অন্ধ মুনিৰ ভাও লোৱা এনেবোৰ জন প্ৰতিনিধি বিষয়াৰ অকৰ্মণ্যৰ কুফল নাগৰিকে ভোগ কৰাৰ বিকল্প নাই বুলি ভুক্তভোগী নাগৰিকসকলে ভাবিবলৈ বাধ্য হৈছে।

ৰাইজৰ অভাৱ-অভিযোগৰ প্ৰতি গুৰুত্ব নাই ঢকুৱাখনা পৌৰসভাৰ
প্ৰশ্নকাকত ফাদিলৰ মাষ্টাৰ মাইণ্ড প্ৰণৱ দত্তৰ বাসগৃহত চি আই ডিৰ তালাচী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in