/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/5ae7f9a6-8562-484d-af8f-7e33806fa528/pranab.jpg)
প্ৰশ্নকাকত ফাদিলৰ মাষ্টাৰ মাইণ্ড প্ৰণৱ দত্তৰ বাসগৃহত চি আই ডিৰ তালাচী
ডিজিটেল সংবাদ, বান্দৰদেৱাঃ প্ৰশ্নকাকত ফাদিল কাণ্ডৰ অভিযুক্ত প্ৰণৱ দত্তৰ পথালি পাহাৰস্থিত বাসগৃহত আৰক্ষী তালাচী চলাইছে চিআইডিয়ে । প্ৰশ্নকাকত জালিয়াতিৰ ঘটনাৰ অন্যতম অভিযুক্ত প্ৰনৱ দত্তৰ বাসগৃহত শনিবাৰে চি আই ডিৰ অভিযান।
বান্দৰদেৱা সমীপৰ পথালি পাহাৰস্থিত বাসগৃহত দীৰ্ঘ সময় ধৰি অভিযান চলাই আছে চি আই ডিৰ দলটোৱে। আৰক্ষীৰ সহযোগত চলিছে এই অভিযান । ঘেৰাও কৰি ৰখা হৈছে বাসগৃহটো ৷ প্ৰায় ২০, ২৫ জনীয়া এটা দলে চলাইছে এই অভিযান ৷ লুইট খাবলো পৰীক্ষা কেন্দ্ৰৰ তত্তাৱধায়ক আছিল প্ৰণৱ দত্ত ৷ সাংবাদিকক প্ৰবেশ কৰিবলৈ দিয়া নাই বাসগৃহটোৰ ভিতৰলৈ। এই মুহূৰ্তলৈকে বিশেষ কোনো তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷
মেট্ৰকৰ প্ৰশ্নকাকত ফাদিলৰ মাষ্টাৰ মাইণ্ড আছিল প্ৰণৱ দত্ত ৷ ইতিমধ্যই শিক্ষা বিভাগে নিলম্বন কৰিছে প্ৰণৱ দত্তক ৷ আদালতত হাজিৰ কৰি শুকুৰবাৰে প্ৰণৱ দত্তক ধৰি ৩জন অভিযুক্তক অধিক জেৰাৰ বাবে চি আই দিয়ে গুৱাহাটীলৈ অনা হৈছে ৷
Also Read: দ্বিশতকেৰে দিনটোৰ আৰম্ভণি কেন ৱিলিয়ামছনৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us