স্বামীক গ্ৰেপ্তাৰৰ পিছত কোলাত পানী কেঁচুৱা লৈ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ পত্নীৰ

স্বামীক গ্ৰেপ্তাৰৰ পিছত কোলাত পানী কেঁচুৱা লৈ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ পত্নীৰ

ডিজিটেল সংবাদ, ছয়দুৱাৰঃ গহপুৰ মহকুমাৰ হেলেম আৰক্ষী থানাৰ অন্তৰ্গত কাৰিবিল চাপৰিত ঘৰ ভৱেনৰ। বাল্য বিবাহ কৰোৱাৰ অভিযোগত শনিবাৰে হেলেম আৰক্ষী থানাৰ হাতত গ্ৰেপ্তাৰ হৈ জেললৈ গৈছে ভৱেন।

দৈনিক দিন হাজিৰা কৰি পোৱা ৩০০ টকাৰে কোনোমতে পৰিয়াল পোহপাল দি অহা ভৱেনৰ পত্নীয়ে মাত্ৰ ১২ দিন পূৰ্বে জন্ম দিছে এটি পুত্ৰ সন্তান। ৰুগীয়া পিতৃ মাতৃসহ ভৱেনৰ ৬ জনীয়া পৰিয়ালটো ভৱেনেই পোহপাল দি আহিছে।

বাল্য বিবাহৰ অভিযোগত কালি ভৱেন আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈ জেললৈ যাবলগীয়া হোৱাৰ পিছত এতিয়া জুইয়েই জ্বলা নাই দৰিদ্ৰ পৰিয়ালটোৰ পাকঘৰৰ চৌকাত।এইক্ষেত্ৰত সংবাদ মাধ্যমৰ আগত ভৱেনৰ পত্নী অভিনা সৎনামীয়ে কয় যে "বাল্য বিবাহ আইনৰ দোহাই দি পানী কেঁচুৱা থকা দুখীয়া পৰিয়ালৰ পেটত গোৰ মৰা অসমৰ মুখ্যমন্ত্ৰীয়ে আমি যেনেকৈ কষ্ট পাইছো তেনেকুৱা কষ্ট পাবলৈ আমি অন্তৰৰ পৰা শাও দিছো।" লগতে উল্লেখ কৰে আগৰে পৰা চৰকাৰে আইনখন কঠোৰ নকৰি মাত্ৰ এটা নিশাৰ ভিতৰতে আইনখনৰ দোহাই দি এনেদৰে স্বামীসকলক গ্ৰেপ্তাৰ কৰি দৰিদ্ৰ পৰিয়ালসমূহক চৰকাৰে ধ্বংস কৰি তোলা বুলিও কয় অভিনা সৎনামীয়ে।

বাল্য বিবাহৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ফাটিয়াবাৰীৰ দিন হাজিৰা কৰা শ্ৰমিক বিকি গোৱালাৰ পত্নী গোলাপী গোৱালাই কান্দি কান্দি সংবাদ মাধ্যমৰ আগত কয় যে তেওঁৰ এই দুমহীয়া কন্যা সন্তানটোৰ লগতে ৫ জনীয়া পৰিয়ালটো দিন হাজিৰা কৰি চলাই আহিছে তেওঁৰ স্বামী বিকি গুৱালাই। এতিয়া বিকি জেললৈ যোৱাৰ পিছত কেনেকৈ চলিব পৰিয়ালটো , চৰকাৰে পুলিচ লগাই তেওঁলোকৰ সুখৰ সংসাৰখন থানবান কৰি দিব খোজা কাৰ্য্যক কঠোৰ সমালোচনা কৰিছে তেওঁ।

দিন হাজিৰা কৰি ৪ জনীয়া পৰিয়ালটো ভৰণ পোষণ কৰি অহা ভেলুৱাডাঙাৰ কুমাৰ নায়কৰ পত্নীৰো একেই অভিযোগ। কোলাত ১ মাহ ৭ দিনীয়া কন্যা সন্তানক লৈ হুকহুকাই কান্দি সংবাদ মাধ্যমৰ আগত কুমাৰৰ পত্নী মইনা নায়কে কয় "কালিৰে পৰা আমাৰ পাকঘৰৰ চৌকাত জুই নাই। ভোকে লঘোনে ৰাতিটো পাৰ কৰিলো। আমাৰ দৰিদ্ৰ পৰিয়ালটোৰ উপাৰ্জনৰ মূল মানুহ কুমাৰ নায়ক জেললৈ যোৱাৰ পাছত এতিয়া অন্ধকাৰ দেখিছো পৰিয়ালটোৱে।"

একেই অৱস্থা মিছামাৰী আমলখি দলনীৰ প্ৰিয়া দেউৰী ভেংৰাৰ পৰিয়ালটোৰ। এমাহৰ পূৰ্বে এটি লৰা সন্তান জন্ম হোৱা প্ৰিয়াৰ স্বামী ৰাহুল দেউৰীও দিন হাজিৰা কৰা শ্ৰমিক।বাল্য বিবাহৰ অভিযোগত কালি গ্ৰেপ্তাৰ হৈ জেললৈ যোৱা ৰাহুলেই ভৰণ পোষণ দি আহিছে তেওঁলোকৰ ৫ জনীয়া পৰিয়ালটো।

ৰাহুল জেলত বন্দী হৈ থকাত এতিয়া পাকঘৰৰ চৌকাত জুই নজ্বলা হৈছে দৰিদ্ৰ পৰিয়ালটোৰ। একেদৰে বলমগুৰীৰ ৬ মাহৰ অন্তসত্বা বোৱাৰী ভৈৰৱী দাসৰ দিন হাজিৰা কৰা স্বামী দুৰ্লভ দাসো এতিয়া জেলত।দিন হাজিৰা কৰা শ্ৰমিক দুৰ্লভৰ মাতৃ কনমাই দাস এগৰাকী মানসিক ৰোগী। এফালে অন্তসত্বা পত্নী আৰু আনফালে মাতৃ মানসিক ৰোগী। এনে প্ৰেক্ষাপটত এতিয়া হাহাকাৰ লাগিছে পৰিয়ালটোত। বাল্য বিবাহ আইনৰ দোহাই দি এনেদৰে স্বামীক গ্ৰেপ্তাৰ কৰাৰ পিছত এতিয়া প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ মাজত হাহাকাৰ লাগিছে। অৰ্থনৈতিকভাবে তেনেই পংগু এনে পৰিয়ালসমূহে আইনী যুজঁ দিয়া কিম্বা অধিবক্তাক মাননী দিবলৈ কেনেদৰে অৰ্থৰ যোগাৰ কৰিব সেয়া এতিয়া গুৰুত্বপূৰ্ণ বিষয় হিচাপে পৰিগণিত হৈছে।

আইন,আদালত সম্পৰ্কে কেও কিছু নজনা এনেধৰণৰ পৰিয়াল সমূহৰ ক্ষেত্ৰত হঠাতে আহি পৰা এই ধুমুহাই হাহাকাৰ কৰি তুলিছে প্ৰতিটো দৰিদ্ৰ পৰিয়ালক। বহু সচেতন লোকে চৰকাৰৰ এই কঠোৰ পদক্ষেপক মুকলিকৈ সমালোচনা কৰিছে। চৰকাৰে উন্নয়নৰ কোঙা ৰূপ ঢাকিবলৈ এয়া এক নাটক কৰা বুলি বহু লোকে মন্তব্য কৰাৰ বিপৰীতে আগৰে পৰা চৰকাৰে আইনখন কঠোৰ কৰি গাঁৱে গাঁৱে সজাগতা সভা অনুষ্ঠিত কৰিব লাগিছিল বুলি উল্লেখ কৰিছে সচেতন ৰাইজে।

বহুতে আকৌ হিমন্তৰ চৰকাৰে হৈ যোৱা সংসাৰ বোৰত কিয় আউল লগাইছে বুলি প্ৰশ্ন কৰি চৰকাৰৰ এই পদক্ষেপক চোকা ভাষাৰে সমালোচনা কৰিছে। এনেই দুখীয়া মানুহৰ জীৱনত বহুত চিন্তা,অভাৱ-অনাটন থাকে। তাতে আকৌ চৰকাৰে নতুন কৈ এই সোপা অশান্তি জাপি দিছে। বাল্য বিবাহ আইন খনক যদি কঠোৰ ভাবে বলবৎ কৰিব বিচাৰিছে এই বছৰৰ পৰা বলৱৎ কৰক। কিয় এই দুখীয়া মানুহ বোৰৰ মূৰত মাধ মাৰ মাৰিছে চৰকাৰে।যেতিয়া এই ঘটনাবোৰ ঘটিছিল তেতিয়া পুলিচ প্ৰশাসনে নাকত তেল দি শুই আছিল নেকি POCSO আইন খন আজি কালিতে মাটি ফুটি ওলোৱা নাই। তেতিয়াই কিয় নধৰিলে বাল্য বিবাহ কৰোৱা সকলক এই বুলি প্ৰশ্ন উত্থাপন কৰে।

মানবীয়তাৰ খাতিৰত কিছুমান নিয়ম সলাব নোৱাৰাৰ কোনো কথা নাই। এনেদৰে বিভিন্ন জনে এতিয়া মুকলিকৈ মন্তব্য কৰি হিমন্তৰ চৰকাৰৰ এই পদক্ষেপক সমালোচনাৰে থকা সৰকা কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in