/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/b5ff9e39-b743-478b-a99f-d5e48e409eb6/e3.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ সমীপৰ চতিয়াৰ মালগাঁও খেলপথাৰত দেওবাৰে সকাঁহৰ উদ্যোগত চতিয়া উন্নয়ন খণ্ড আৰু নদুৱাৰ উন্নয়ন খণ্ডৰ বিষয়া কৰ্মচাৰীসকলৰ মাজত এখন বন্ধুত্বমূলক ক্ৰিকেট খেল অনুষ্ঠিত হয়। উক্ত ক্ৰিকেটখেলখন শুভ উদ্বোধন কৰে বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে।
ক্ৰিকেট খেল শুভ উদ্বোধন কৰি হাতত বেট লৈ এজন ক্ৰিকেটাৰৰ ৰূপত দেখা গ'ল বিধায়ক প্ৰমোদ বৰঠাকুৰক । কিছুসময়ৰ বাবে ক্ৰিজত থাকি এফালৰ পৰা তেওঁ কোবাই গ'ল কেইবাটাও বল ৷ আনকি এজন দুৰ্দান্ত বেটছমেনৰ দৰে বহুসময় ক্ৰিজত নিজৰ বীৰত্ব প্ৰদৰ্শন কৰিলে বিধায়কগৰাকীয়ে ।
আজি পুৱাই এনেদৰেই এজন অলৰাউণ্ডাৰৰ ৰূপত দেখা গল বিধায়ক প্ৰমোদ বৰঠাকুৰক ৷ কিছুসময়ৰ বাবে ৰাজনীতিৰ পৰা আতৰি থাকি বিধায়কগৰাকী হাঁহি ফুৰ্টিৰে মচগুল হৈ পৰিল ক্ৰিকেটৰ মাজত ৷
চতিয়া খণ্ড উন্নয়ন বিষয়া পলক শৰ্মাই আঁত ধৰা উদ্বোধনী অনুষ্ঠানটিত বিধায়কগৰাকীৰ লগত সংগ দিয়ে বিশ্বনাথ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিগন্ত বৈশ্য আৰু শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়াই ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/743c194b-e14b-4e96-b33a-570bb4c0c851/e4.jpg)
আৰু পঢ়কঃ ঢকুৱাখনাত মহাবীৰ চিলাৰায় দিৱস পালন