Advertisment

ধেমাজিৰ বিশিষ্ট সমাজসেৱক নিপ কোঁৱৰলৈ ২০২৩ বৰ্ষৰ “সাহসী” বঁটা..

ধেমাজিৰ বিশিষ্ট সমাজসেৱক নিপ কোঁৱৰলৈ ২০২৩ বৰ্ষৰ “সাহসী” বঁটা..

author-image
Asomiya Pratidin
New Update
ধেমাজিৰ বিশিষ্ট সমাজসেৱক নিপ কোঁৱৰলৈ ২০২৩ বৰ্ষৰ  “সাহসী” বঁটা..

ধেমাজিৰ বিশিষ্ট সমাজসেৱক নিপ কোঁৱৰলৈ ২০২৩ বৰ্ষৰ “সাহসী” বঁটা..

ডিজিটেল সংবাদ ধেমাজিঃ ৰাজ্যৰ অগ্ৰণী বে-চৰকাৰী মহিলা সংগঠন সাহসীৰ উদ্যোগত বৃহস্পতিবাৰে গুৱাহাটীৰ শ্ৰীমন্তশংকৰদেৱ কলাক্ষেত্ৰৰ ভাষাবিদ বানীকান্ত কাকতিৰ প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাৱে ধেমাজিৰ বিশিষ্ট সমাজসেৱক নিপ কোঁৱৰক সাহসীৰ দ্বাৰা ২০২৩ বৰ্ষৰ বাবে “সাহসী” বঁটা প্ৰদান কৰা হয় ৷

Advertisment

এই উপলক্ষে বৃহস্পতিবাৰে মহিলা সংগঠনটিৰ সভানেত্ৰী তৃষ্ণা নাথৰ সভানেত্ৰীত্বত অনুষ্ঠিত হোৱা সভাই কোঁৱৰক শৰাই,চেলেং চাদৰ, জাপি আৰু মান পত্ৰৰে সম্বৰ্ধনা জনাই বঁটা প্ৰদান কৰে ৷ উল্লেখ্য যে সুৰ্দীঘ দিন ধৰি অসমৰ সমাজ জীৱনলৈ জাতীয়তাবাদী ভাৱধাৰে, সাহস আৰু ধৈৰ্য্যৰ লগতে মহিলাসকলৰ সৱলীকৰণ আৰু ন্যায় প্ৰাপ্তিৰ বাবে বিভিন্ন সময়ত কোৱঁৰে প্ৰত্যাহ্বানৰ মাজেৰে কাম কৰি আহিছিল।

সামাজিক কাম-কাজৰ লগতে কোৱঁৰে মহিলাসকলৰ সুৰক্ষা আৰু সজাগতাৰ হেতু কৰি অহা প্ৰয়াসৰ কৰ্মৰাজিৰ বাবেই তেওঁক এই সন্মান প্ৰদান কৰে ৷উল্লেখযোগ্য যে অগ্নিগৰ্ভা অসমত বজৰং অপাৰেচন সময়ত বহুদিন ধৰি চৰকাৰ তথা জিলা প্ৰশাসনে ধেমাজি কাছাৰী ময়দানখনি ৰাইজৰ ব্যৱহাৰত বাবে বাধা আৰোপ কৰি ৰাখিছিল।

এই সন্দৰ্ভত কোৱঁৰে নিজৰ পকেটৰ ধন ভাঙি গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰি কাছাৰী ময়দানখনি ৰাইজৰ কামৰ বাবে মুকলি কৰিলৈ সক্ষম হৈছিল ৷ কোঁৱৰ ধেমাজি ৩ নম্বৰ ৱাৰ্ডৰ টঙনাপৰা নিবাসী প্ৰয়াত অধিবক্তা পবিত্ৰ কোঁৱৰ আৰু প্ৰয়াত ৰঞ্জনী কোঁৱৰৰ জ্যেষ্ঠ সন্তান।

Also Read: ড্ৰাগছ সৰবৰাহত নামিল সাংবাদিকোঃ কাছাৰত হেৰ'ইনসহ ৪ জনক গ্ৰেপ্তাৰ...

সাহসী বঁটা