বংশৰত মাটিৰ পৰীক্ষা আৰু স্বাস্থ্য শীৰ্ষক প্ৰশিক্ষণৰ আয়োজন...

শুৱালকুচিৰ বংশৰত আজি কৃষি চক্ৰৰ অন্তৰ্গত বিভিন্ন পঞ্চায়তত এলানি প্ৰশিক্ষণ কাৰ্যসূচী ৰূপায়ন কৰা হয়

author-image
Asomiya Pratidin
New Update
বংশৰত মাটিৰ পৰীক্ষা আৰু স্বাস্থ্য শীৰ্ষক প্ৰশিক্ষণৰ আয়োজন...

ডিজিটেল সংবাদ, বংশৰ: শুৱালকুচিৰ বংশৰত আজি কৃষি চক্ৰৰ অন্তৰ্গত বিভিন্ন পঞ্চায়তত এলানি প্ৰশিক্ষণ কাৰ্যসূচী ৰূপায়ন কৰা হয়। অসম চৰকাৰৰ কৃষি বিভাগৰ উদ্যোগত তথা লুইত এডুকেশ্বন চাৰ্ভিছ প্ৰাইভেট লিমিটেডৰ সহযোগত "মাটিৰ পৰীক্ষা আৰু স্বাস্থ্য" বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰা হয়।

Advertisment

উক্ত প্ৰশিক্ষণত মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকে খানাপাৰা কৃষি সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত উপ সঞ্চালক হোমেশ্বৰ কলিতা। কলিতাই কৃষকসকলক মাটিৰ গুণাগুণ পৰীক্ষা সম্পৰ্কে বিস্তৃতভাৱে কৃষকসকলক জনায়।

বংশৰ কৃষি চক্ৰৰ অন্তৰ্গত পচৰীয়া, দদৰা আৰু শিঙিমাৰীত অনুষ্ঠিত এই সভাত সৰ্বমুঠ প্ৰায় ১৫০ গৰাকী কৃষকে অংশগ্ৰহণ কৰে। কৃষি উন্নয়ন বিষয়া দুৰ্লভ দাসে কৃষি বিভাগৰ বিভিন্ন আচঁনিৰ ওপৰত আলোকপাত কৰা এই সভাত স্থানীয় কৃষি সম্প্ৰসাৰণ কৰ্মী সুভাষ দাস আৰু লুইত এডুকেশ্বনৰ হৈ ধীমান সিনহাও উপস্থিত থাকে।

Also Read: সংঘত ল'ৰা ৰজা...

agriculture university agriculture