কাড়িচুক প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি ৰূপজ্যোতি ফুকনৰ মৃত্যু...

author-image
Asomiya Pratidin
New Update
কাড়িচুক প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি ৰূপজ্যোতি ফুকনৰ মৃত্যু...

ডিজিটেল সংবাদ, ধেমাজি : ধেমাজি নগৰৰ ৬ নম্বৰ ৱাৰ্ডৰ কোলাপথাৰৰ নিবাসী ৰূপজ্যোতি ফুকন (৪৫) বয়সত বুধবাৰে বিয়লি ডিব্ৰুগড়ত মৃত্যু হয় ৷ অতি সহজ-সৰল সমাজ সেৱক যুৱক ৰূপজ্যোতি ফুকনৰ মৃত্যুৱে কোলাপথাৰ, এৰাঢল অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে ৷

উল্লেখ্য যে, বুধবাৰে পুৱা ফুকনৰ ষ্ট্ৰ'ক হৈ ঘৰতে বাগৰি পৰি যায়। ঘটনাৰ পিছতেই ততাতীয়াকৈ পৰিয়ালে ধেমাজি নগৰৰ কেয়াৰ বক্তিগত নাচিংহোমত ভৰ্তি কৰে যদিও নাচিংহোমৰ চিকিৎসকে সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰলৈ প্ৰেৰন কৰে ৷ অতি দুখৰ বিষয় যে ডিব্ৰুগড়ৰ চিকিৎসালয়ত গৈ ভৰ্তি কৰে যদিও চিকিৎসকে চিকিৎসা কৰিবলৈ নৌপাওঁতেই মৃত্যু হোৱা বুলি ঘোষনা কৰে ।

ৰূপজ্যোতি ফুকনে কাড়িচুক প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি উপৰিও অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানৰ সৈতে জৰিয়ত হৈ আছিল। সমাজ সেৱক ফুকনে সৰ্বোদয় লোক সেৱক সংঘৰ সদস্য হোৱা লগতে তেওঁ ইতিমধ্যে দিল্লীৰ সৰ্বভাৰতীয় সৰ্বোদয় সন্মিলনত অংশগ্ৰহণ কৰিছিল ৷

তেওঁৰ মৃত্যুত ধেমাজি জিলাৰ জ্যেষ্ঠ সাংবাদিক তথা সাহিত্য পেঞ্চনাৰ উমেশ চেতিয়াই গভীৰ শোক প্ৰকাশ কৰি কয় যে আমি অঞ্চলবাসীয়ে আজি সচাঁ অৰ্থত এজন প্ৰকৃত সমাজ সেৱক হেৰুৱালোঁ বুলি উল্লেখ কৰি মৃতকৰ পৰিয়াল বৰ্গলৈ সমবেদনা জনাইছে ৷ মৃত্যুৰ সময়ত তেওঁৰ পত্নীৰ সৈতে দুই কন্যা সন্তান, মাতৃ, ভাই, ভনীৰ লগতে পৰিয়াল বৰ্গৰ বহুজনক এৰি গৈছে ৷

আৰু পঢ়ক : আজি গুজৰাটত প্রথম পর্যায়ৰ নির্বাচন...

assam dhemaji