মিৰ্জাত কবিতা পুথি "হৃদয়ৰ কাৰেং" উন্মোচন
ডিজিটেল সংবাদ, মিৰ্জাঃ মিৰ্জাত ডাইটৰ জ্যেষ্ঠ প্ৰবক্তা ডেইজী গগৈৰ সঞ্চালনাত অনুষ্ঠিত হয় কবিতা পুথি উন্মোচনী সভা। এই সভাত ডাইট কামৰূপ, মিৰ্জাৰ ডি.এল.এডৰ প্ৰশিক্ষাৰ্থী হিৰোকজ্যোতি দাসৰ কবিতা পুথি "হৃদয়ৰ কাৰেং" উন্মোচন কৰা হয় ৷ বিশেষভাৱে সক্ষম হৈয়ো দুৰ্বাৰ হেঁপাহৰ বাবেই হিৰোকজ্যোতি দাসে তেওঁৰ সৰ্বাংগসুন্দৰ ৪৭ টা কবিতা সংলগ্ন কৰি পুথিখন মঙলবাৰে আনুষ্ঠানিকভাবে উন্মোচন কৰিবলৈ সক্ষম হয় ৷
ডাইটৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই সভাত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে প্ৰতিষ্ঠানটিৰ জ্যেষ্ঠ প্ৰবক্তা প্ৰাণেশ্বৰ গোস্বামী। ভাষণ প্ৰসংগত তেওঁ কয় যে- অসমৰ সাহিত্য জগতত হিৰোকজ্যোতি দাসৰ এই কবিতা পুথিখন এক নতুন সংযোজন ৷ সভাত আন এগৰাকী জ্যেষ্ঠ প্ৰবক্তা ভূপেন কুমাৰ দাসে কয় যে- সৃজনশীল মনত শাৰীৰিক বাধাগ্ৰস্তই হেঙাৰ হ’ব নোৱাৰে, তাৰ অন্যতম উদাহৰণ হিৰোকজ্যোতি দাস ৷ তদুপৰি প্ৰবল ইচ্ছা থাকিলেহে এনেধৰণৰ সৃজনশীল কাম সম্ভৱ কৰি তুলিব পৰা যায় বুলি মন্তব্য কৰে প্ৰতিষ্ঠানটিৰ আন এগৰাকী প্ৰবক্তা শেখৰজ্যোতি মহন্তই ৷
উল্লেখ্য যে, হিৰোকজ্যোতি দাসৰ "হৃদয়ৰ কাৰেং" নামৰ কবিতা পুথিখনৰ বেটুপাত অংকন কৰে প্ৰতিষ্ঠানটিৰ জ্যেষ্ঠ প্ৰবক্তা কমল মহন্তই। এই গাম্ভীৰ্যপূৰ্ণ উন্মোচনী সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে প্ৰশিক্ষাৰ্থী তাপস মেধিয়ে ৷ আনহাতে সভাৰ শেষত আৰ্শীবাদ সূচক বক্তব্য প্ৰদান কৰে প্ৰতিষ্ঠানটিৰ প্ৰবক্তা সংগীতা বৰাই ৷ আনহাতে সভাত হিৰোকজ্যোতিৰ পিতৃ-মাতৃয়ে তেওঁক এক আৱেগিক পৰিবৱেশত আৰ্শীবাদ কৰে ৷