সমাজকৰ্মী ভুৱনেশ্বৰ শৰ্মাৰ মৃত্যুত শোক

গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত হৃদৰোগত আক্ৰান্ত

author-image
Asomiya Pratidin
New Update
সমাজকৰ্মী ভুৱনেশ্বৰ শৰ্মাৰ মৃত্যুত শোক

ডিজিটেল সংবাদ , বেবেজীয়াঃ বেবেজীয়াৰ সমীপৰ ঘাহী মাজগাওঁ নিবাসী সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ প্ৰধান সম্পাদক বল্লদেৱ শৰ্মাৰ কণিষ্ঠ ভাতৃ ভুৱনেশ্বৰ শৰ্মাৰ দেওবাৰে বিয়লি বিয়োগ হয়। মৃত্যুৰ সময়ত তেঁওৰ বয়স আছিল ৫৬ বছৰ।

Advertisment

গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত মৃত্যু হয় শৰ্মাৰ। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জৰিত এইগৰাকী সমাজকৰ্মী, ব্যৱসায়ী, দাতাৰ আকস্মিক বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰিছে ।

শৰ্মাৰ মৃত্যুত সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থা, ঘাঁহী আঞ্চলিক শাখা সাহিত্য সভা, ঘাঁহী বৰসত্ৰ পুথিভঁৰাল,মহমৰীয়া দূৰ্গা পূজা সমিতি, ঘাঁহী মহমৰীয়া আঞ্চলিক হাইস্কুলকে ধৰি শ্ৰীমন্ত শঙ্কৰ মিশ্যনে গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে! লগতে মৃতকৰ আত্মাৰ চিৰ শান্তি কামনা কৰিছে।

মৃত্যুৰ সময়ত তেওঁ পত্নীৰ লগতে কেইবাজনো ভাতৃকে ধৰি আত্মীয়ক এৰি থৈ গৈছে ।

আৰু পঢ়কঃ বটদ্ৰৱাত বৃহৎ পৰিমাণৰ চোৰাং ইউৰিয়া সাৰ জব্দ

social worker