বটদ্ৰৱাত বৃহৎ পৰিমাণৰ চোৰাং ইউৰিয়া সাৰ জব্দ

বটদ্ৰৱাত দেওবাৰে বৃহৎ পৰিমাণৰ চোৰাং ইউৰিয়া সাৰ জব্দ কৰা হয়। প্ৰধানমন্ত্ৰী ভাৰতীয়

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱাত বৃহৎ পৰিমাণৰ চোৰাং ইউৰিয়া সাৰ জব্দ

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱাত দেওবাৰে বৃহৎ পৰিমাণৰ চোৰাং ইউৰিয়া সাৰ জব্দ কৰা হয়। প্ৰধানমন্ত্ৰী ভাৰতীয় জন উৰ্বৰক পৰিযোজনাৰ অধীনৰ ৭০ বেগ সাৰ জব্দ কৰে বটদ্ৰৱা আৰক্ষীয়ে।

Advertisment

উল্লেখ যে, ৰূপহীৰ পৰা কদমনি বজাৰলৈ নি থকা অৱস্থাত বটদ্ৰৱাৰ হাইডুবিত স্থানীয় কৃষকৰ অভিযোগৰ এই সাৰ জব্দ কৰে আৰক্ষীয়ে। স্থানীয় কৃষকৰ অভিযোগ মতে, হিফজুৰ ৰহমান নামৰ এজন আমছু নেতাৰ ছত্ৰছায়াত তেওঁৰ ভাতৃ চিদ্দিকুৰ ৰহমানে কদমনি বজাৰত "চিদ্দিক ষ্টৰ" নামৰ এখন চৰকাৰী পঞ্জীয়ন বিহীন দোকানত এই অবৈধ সাৰৰ কলা ব্যৱসায় চলাই আহিছিল।

ইফালে জব্দকৃত সাৰৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ বাবে সাংবাদিকৰ দলক আমছু নেতা হিফজুৰ ৰহমানে ভাবুকি দিয়ে। স্থানীয় দৰিদ্ৰ কৃষকৰ অভিযোগ মতে প্ৰধানমন্ত্ৰীৰ ৰাজ সাহায্যযুক্ত এই ইউৰিয়া সাৰ মুকলি বজাৰত বিক্ৰী ৫০০ ৰ পৰা ৭০০ টকাত বিক্ৰী হৈ আছে বুলি জানিব পৰা গৈছে।

আৰু পঢ়কঃ মহিলাৰ দ্বাৰা গঠিত অসমৰ দ্বিতীয়খন শাখা সাহিত্য সভাৰ অধিৱেশন সম্পন্ন

Assam police crime urea