/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/8dd92732-318d-421d-85ba-8695007d5b70/samaj.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনা মহকুমাৰ ঘিলামৰাৰ বৰদলনি সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত বেবেজিয়াত বৃহস্পতিবাৰে উলিওৱা হয় এক দৃষ্টিনন্দন সজাগতা ৰেলী। অঙ্গনবাড়ী কৰ্মী- সহায়িকা আৰু সমাজ সচেতন ৰাইজৰ সহযোগত বেবেজিয়া বালিজান কৈৱৰ্ত অঙ্গনবাড়ী কেন্দ্ৰৰ পৰা সজাগতা ৰেলীৰ শুভাৰম্ভ কৰা হয়।
'নৱজাতক, শিশু আৰু গৰ্ভৱতী মাতৃৰ যতন লওক','ৰক্তহীনতা পুষ্টিহীনতা দূৰ কৰক,' 'শ্ৰীঅন্ন গ্ৰহণ কৰক' আদি শ্লোগানেৰে প্লে'কাৰ্ডলৈ সমগ্ৰ অঞ্চলবাসীক সজাগ সচেতন কৰাৰ পাছত প্ৰকল্পটোৰ ২নং চক্ৰৰ অন্তৰ্গত বালিজান কৈৱৰ্ত কেন্দ্ৰত 'পোষণ পখোৱাৰা উদযাপন' উপলক্ষত অনুষ্ঠিত কৰা হয় এই মনোজ্ঞ কাৰ্যসূচী ।
চক্ৰটোৰ মুখ্য সেৱিকা মিনু দাস বৰাই নেতৃত্ব লোৱা আৰু শুভ উদ্ধোধন কৰা এই শুভাযাত্ৰাই বাসুদেৱ থান পৰ্যন্ত পৰিভ্ৰমণ কৰি পুনৰ কেন্দ্ৰত উপস্থিত হৈ অনুষ্ঠিত কৰে থলুৱা পৰিশুদ্ধ পুষ্টিকৰ খাদ্য সম্ভাৰৰ প্রদর্শন মেলা । চক্ৰটোৰ অন্তৰ্গত ২৩ টা কেন্দ্ৰৰ কৰ্মী, সহায়িকা সকলে শৃংখলাবদ্ধ আৰু পৰিপাটিকৈ ঘৰুৱা উৎপাদিত শাক পাচলিৰে পুষ্টিকৰ আৰু সুস্বাদু খাদ্য সম্ভাৰ ,পিঠা-পনা, মিচিং জনগোষ্ঠীয় খাদ্য সম্ভাৰ ৰান্ধি অনুষ্ঠানটোত প্রদর্শন কৰি গৰ্ভাৱতী প্ৰসুতী মাতৃ আৰু শিশুৱে কি কি খাদ্য গ্ৰহণ কৰিলে শাৰীৰিক আৰু মানসিক বৃদ্ধি ঘটে আৰু তাৰ প্ৰায়োগিক পৰামৰ্শ প্ৰদান কৰে।
এই ৰন্ধন অনুষ্ঠানত থলুৱা পুষ্টিকৰ শাক পাচলিৰো প্রদর্শন কৰি শিশু আৰু গৰ্ভৱতী প্ৰসুতী মাতৃ সকলক পৰিচয় কৰাই দিয়া হয় । এই অনুষ্ঠানতেই অঞ্জলি চুতীয়া নামৰ এগৰাকী গৰ্ভাৱতী মহিলাক অসমীয়া সমাজৰ লোক পৰম্পৰা অনুসৰি পঞ্চামৃত খুওৱাৰ লগতে এটি কণমানি কন্যা সন্তানৰ অন্নপ্ৰসন্ন অনুষ্ঠান সম্পন্ন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/78645b3b-cb4e-4e30-b41f-159a429be765/0b00e51c_ddd5_468c_b791_48e89bb24185.jpg)
ইয়াৰ পাছতে অনুষ্ঠিত হয় মুকলি সভা । প্ৰবীণ শিক্ষাবিদ খৰ্গেশ্বৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত মুখ্য সেৱিকা মিনু দাস বৰা , শিক্ষাবিদ দ্বীপেন ৰাজখোৱা আদি বহু কেইগৰাকী ব্যক্তিয়ে শিশু মাতৃৰ সৰ্বাংগীন বিকাশৰ বাবে সমাজকল্যাণ বিভাগে গ্ৰহণ কৰা বিনামূলীয়া আঁচনিৰ সন্দৰ্ভত বিস্তৃত ব্যাখ্যা আগবঢ়ায়।
অভিভাৱকসকলক এই ক্ষেত্ৰত সজাগ হোৱাৰ আহ্বান ৰাখি বক্তাসকলে পৰামৰ্শমূলক বক্তব্য আগবঢ়ায় । কণমানি,আইমাতৃ, পৰিদৰ্শিকা আৰু কৰ্মীসকলৰ গীত নৃত্যৰে জীপাল হৈ পৰা অনুষ্ঠানটোত কৰ্মী সহায়িকাসকলে এটি বৃন্দ গীত গাই উপস্থিত সকলোকে সন্মোহিত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/9c7350b8-f874-4988-9955-2a645fc2c928/f850e6c5_86c5_4e06_a04c_21968cc98075.jpg)
Also Read: পুত্ৰৰ নামত কলংক! হানি-খুচি হত্যা কৰিলে পিতৃ-মাতৃক, কাৰণ...