ছিলাবন্ধা ব্ৰাহ্মণ সমাজৰ নিৰ্দেশতেই ৰুগীয়া মাতৃক অকলে থৈ ঘৰ এৰিব বাধ্য হ'ল এটি পৰিয়াল

ছিলাবন্ধা ব্ৰাহ্মণ সমাজৰ নিৰ্দেশতেই ৰুগীয়া মাতৃক অকলে থৈ ঘৰ এৰিব বাধ্য হ'ল এটি পৰিয়াল

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ পুনৰ ধৰ্মীয় গোড়ামীৰ বলি হৈ গাঁৱৰ ঘৰ-বাৰী এৰি যাব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে জামুগুৰিহাটত ৷ জামুগুৰিহাটৰ নন্দিকেশ্বৰ গাঁৱৰ এক ঘটনাই এতিয়া আধুনিক সমাজৰ নিকৃষ্ট কাণ্ড উদঙাই তুলিছে।

জানিব পৰা মতে টেট শিক্ষক পলাশ শৰ্মা, তেওঁৰ পত্নী পুৱালী বৰঠাকুৰসহ এটি কনমানি কন্যা সন্তানক গাওঁ এৰি যাবলৈ নিৰ্দেশ দিছে ছিলাবন্ধা ব্ৰাহ্মণ সমাজে ৷ জানিব পৰা মতে মাকৰ ফালৰ দূৰ সম্পৰ্কীয় ছোৱালী বিয়া কৰোৱা বাবে ব্ৰাহ্মণ সমাজে এই সিদ্ধান্ত লৈছে। এই কাৰণতেই বিগত ৫ বছৰ ধৰি এঘৰীয়া কৰি ৰাখিছিল পৰিয়ালটোক আৰু এতিয়া ঘৰ এৰি যোৱাৰ নিৰ্দেশ ছিলাবন্ধা ব্ৰাক্ষণ সমাজৰ ৷

একাংশলোকৰ হেঁচাত এতিয়া টেট শিক্ষক পলাশ শৰ্মাই ৮০ বছৰীয়া ৰুগীয়া বৃদ্ধা মাতৃক অকলেই ঘৰত এৰি থৈ আঁতৰি যোৱাৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ যি সময়ত মানুহে বিজ্ঞানৰ জখলাত বগাই ন ন গ্ৰহত মানুহ বাস কৰাৰ উপায় অৱলম্বনত ব্যস্ত হৈ পৰিছে সেই সময়ত মান্ধাতা যুগৰ ৰীতি-নীতি খামুচি ধৰি আছে একাংশই।

জানিব পৰা মতে ব্ৰাহ্মণ সমাজৰ মুৰব্বী তথা শাস্ত্ৰীয়ে এই বিয়াৰ অনুমতি দিছিল কিন্তু পিছত পুনৰ আন এখন সমাজৰ মুৰব্বীয়ে এই বিয়া মানি ল'ব নোৱাৰো বুলি তেওঁলোকক সামাজিকভাৱে এঘৰীয়া কৰিছিল। আৰু এতিয়া তেওঁলোকক পৈতৃক ভূমি এৰি যাবলৈ বাধ্য কৰা ঘটনাই অঞ্চলটোৰ বৌদ্ধিক মহলতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

ছিলাবন্ধা ব্ৰাহ্মণ সমাজৰ নিৰ্দেশতেই ৰুগীয়া মাতৃক অকলে থৈ ঘৰ এৰিব বাধ্য হ'ল এটি পৰিয়াল
বিগত ৪ মাহত কাজিৰঙালৈ আহিল ১ লাখ ৮০ হাজাৰ দেশী-বিদেশী পৰ্যটক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in