বিগত ৪ মাহত কাজিৰঙালৈ আহিল ১ লাখ ৮০ হাজাৰ দেশী-বিদেশী পৰ্যটক

বিগত ৪ মাহত কাজিৰঙালৈ আহিল ১ লাখ ৮০ হাজাৰ দেশী-বিদেশী পৰ্যটক

ডিজিটেল সংবাদ, কাজিৰঙাঃ বিগত বৰ্ষৰ ১৫ অক্টোবৰত মুকলি হোৱা কাজিৰঙা পৰ্যটনে অতিক্ৰম কৰিলে চাৰিটা মাহ ৷ প্ৰথম চাৰিটা মাহত পৰ্যটকৰ সোতঁ বৈছে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙালৈ ৷

অক্টোবৰ মাহত দেশী বিদেশী পৰ্যটকৰ সংখ্যা আছিল ১৭৬৬২ জন,নৱেম্বৰত ৪০২৪২ জন,ডিচেম্বৰ ৬৫০০০ আৰু জানুৱাৰী ৫২০০০ হাজাৰ দেশী বিদেশী পৰ্যটকে দৰ্শন কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ সৰ্বাধিক পৰ্যটক অহা ডিচেম্বৰ মাহত উদ্যান কৰ্তৃপক্ষই সংগ্ৰহ কৰা ৰাজহৰ পৰিমান আছিল ১ কোটি ৪৫ লাখ টকা ৷

সমান্তৰালকৈ জানুৱাৰী মাহত উদ্যান কৰ্তৃপক্ষই লাভ কৰিলে ১ কোটি ২১ লাখ টকাৰ ৰাজহ। সামগ্ৰিক ভাৱে বিগত চাৰিটা মাহত উদ্যানখনলৈ আহিল ১ লাখ ৮০ হাজাৰ দেশী বিদেশী পৰ্যটক ৷ চাৰিটা মাহত উদ্যান কৰ্তৃপক্ষই সমুদায় ৰাজহ লাভ কৰিলে ৩.৫ কোটি টকা ৷

চলিত পৰ্যটন বৰ্ষত নদী পৰ্যটনৰ সফলতা উল্লেখনীয় বুলি উল্লেখ কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালিকা ড° সোনালী ঘোষে ৷ শেহতীয়াকৈ সোণালী বাঘ তথা বাঘ পৰ্যটনে সমাদৰ লাভ কৰিছে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাত ৷

ইফালে চলিত পৰ্যটন বৰ্ষতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত সংযোগ হোৱা বিশ্বনাথ আৰু বুঢ়াচাপৰিত বৃদ্ধি পাইছে পৰ্যটকৰ সংখ্যা৷ চলিত মাহতে বুঢ়াচাপৰিত উদ্যান কৰ্তৃপক্ষই অনুষ্ঠিত কৰিব শিমলু ফেষ্টিভেল ৷

বিগত ৪ মাহত কাজিৰঙালৈ আহিল ১ লাখ ৮০ হাজাৰ দেশী-বিদেশী পৰ্যটক
মহানগৰীত পুনৰ নৃশংস হত্যাকাণ্ড

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in