/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/7b71d418-39a5-4356-9d73-948c332e0738/323.jpg)
ডিজিটেল সংবাদ,জোনাই : জোনাইত চোৰাং কাঠৰ ৰমৰমীয়া বেহা অব্যাহত আছে। শুকুৰবাৰে নিশা অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী জোনাই ৰুকচিন চেকগেটৰ সমীপত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কৰ্মীয়ে ৰাইজৰ সহযোগত চোৰাং কাঠ ভৰ্তি ১৬ চকীয়া বাহন এখন ধৰা পেলায়।
জানিব পৰামতে অৰুণাচল প্ৰদেশৰ পাচিঘাট-নিকলকৰ পৰা প্ৰায় ৪০ চি এম চোৰাং কাঠ কঢ়িয়াই লৈ অহা ১৬ চকীয়া বাহন এখন অৰুণাচল প্ৰদেশৰ ৰুকচিন চেকগেট পাৰ হোৱাৰ পিছতে অসম সীমান্তত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ আৰু জোনাই স্থানীয় ৰাইজে জব্দ কৰি জোনাই আঞ্চলিক বন বিভাগক গতাই দিয়ে। ম্যাদ উকলি যোৱা টি পিৰে নিশা প্ৰায় ১১.৩০ বজাত অৰুণাচল প্ৰদেশৰ ৰুকচিন চেকগেট পাৰ হোৱাৰ পিছতে জোনাইত জব্দ কৰে বাহনখন।
উল্লেখযোগ্য যে প্ৰতি নিশাই কাঠ মাফিয়াই এনেদৰে ভুৱা টি পিৰে চোৰাং কাঠ সৰবৰাহ কৰি আহিছে। কিন্তু অতি পৰিতাপৰ বিষয় যে ৰাইজে ধৰি গতাই দিয়া চোৰাং কাঠ ভৰ্তি ট্ৰাকখন জোনাই বন বিভাগে পুৱতি নিশা ৰহস্যজনকভাৱে মুকলি কৰি দিয়ে।
ফলত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি জ্ঞান শৰ্মাই ম্যাদ উকলা টি পিৰে নিশাৰ ভাগত চোৰাং কাঠ সৰবৰাহৰ ওপৰত উচিত তদন্ত কৰিবলৈ বন বিভাগৰ উৰ্ধত কতৃপক্ষৰ ওচৰত দাবী জনায়। তদুপৰি ৰাইজে ধৰি গতাই দিয়া চোৰাং কাঠ ভৰ্তি ট্ৰাক মুকলি কৰি দিয়া বন বিষয়াৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লৈও দাবী জনায়।
Also Read: মুকালমুৱাৰ দুৰ্গা পূজাত আৱাহনৰ নাট অৰ্ধাঙ্গিনীয়ে বিলালে পুত্ৰ-কন্যাৰ দায়িত্ববোধৰ বাৰ্তা
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us