মুকালমুৱাৰ দুৰ্গা পূজাত আৱাহনৰ নাট অৰ্ধাঙ্গিনীয়ে বিলালে পুত্ৰ-কন্যাৰ দায়িত্ববোধৰ বাৰ্তা

মুকালমুৱাৰ দুৰ্গা পূজাত আৱাহনৰ নাট অৰ্ধাঙ্গিনীয়ে বিলালে পুত্ৰ-কন্যাৰ দায়িত্ববোধৰ বাৰ্তা

ডিজিটেল সংবাদ,দৌলাশাল : “দৰ্শকৰ মৰম-চেনেহ আমাৰ চিৰকাম্য,দৰ্শকৰ সহাঁৰি আমাৰ মহৌষধি ৷" এই ভাষ্য মঞ্চজগতৰ মহাৰাণী তথা বলিষ্ঠ অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ ৷

নলবাৰী জিলাৰ মুকালমুৱাস্থিত দুৰ্গা মন্দিৰ প্ৰাংগণত বৰক্ষেত্ৰী সাৰ্বজনীন দুৰ্গোৎসৱ সমিতিয়ে আমন্ত্ৰণ কৰি অনা আৱাহন থিয়েটাৰৰ প্ৰতি দৰ্শক-ৰাইজৰ অভূতপূৰ্ব সঁহাৰি দেখি বৃহস্পতিবাৰে নাট উদ্বোধনী অনুষ্ঠানত এই বুলি মন্তব্য কৰে জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে ৷

সাম্প্ৰতিক সময়ত ড্ৰাগছৰ ভয়াৱহতা, কুলাংগাৰ পুত্ৰৰ নিদাৰুণ বাস্তৱ ছবি আৰু কন্যাৰ বিলাসী জীৱনৰ হাবিয়াসৰ বাস্তৱ ছৱিখন “অৰ্ধাঙ্গিনী" নাটখনৰে দাঙি ধৰি পুত্ৰ-কন্যালৈ একপ্ৰকাৰ সকিয়নিমূলক বাৰ্তা প্ৰেৰণ কৰে ৷ প্ৰস্তুতি পৰাশৰ, সঞ্জীৱ শৰ্মা, অৰুণ বৰাৰ দুৰ্দান্ত অভিনয়ে দৰ্শক-ৰাইজৰ মাজত আলোড়ন সৃষ্টি কৰি অৰ্ধাঙ্গিনীয়ে সমাজত ইতিবাচক বাৰ্তা বহন কৰা কাৰ্য্যত দৰ্শকে জাউৰিয়ে জাউৰিয়ে হাত চাপৰি বজাই নাট্য গোষ্ঠীটোলৈ উৎসাহ যোগোৱা পৰিলক্ষিত হয় ৷

অভিজিত ভট্টাচাৰ্যৰ ৰচনা আৰু পৰিচালিত সামজিক নাটখনত অৰ্ধাঙ্গিনীৰ চৰিত্ৰত প্ৰস্তুতি পৰাশৰে অভিনয় কৰি সমাজৰ যুৱ চামলৈ নাট্য অভিনয়ৰ জড়িয়তে যি বাৰ্তা প্ৰেৰণ কৰিলে সেয়া সৰ্বেত্ৰে চৰ্চিত হৈ পৰিছে ৷ বৰবিহ সদৃশ ড্ৰাগছ ব্যৱসায়ত জড়িত পুত্ৰৰ আৰক্ষীৰ গুলীত মৃত্যু আৰু ড্ৰাগছৰ ভয়াবহতাৰ বাবেই আনৰ জীৱন কাঢ়ি নিয়া অভিনয়ে নতুন প্ৰজন্মক এবাৰলৈ হ'লেও চিন্তিত কৰি তুলিছে ৷

মাৰাত্মক ড্ৰাগছত জড়িত থকা হেঁতুকে পুলিচৰ গুলীত নিহত পুত্ৰৰ নিথৰ দেহ এবাৰলৈও চাবলৈ নহা ছবিখনো প্ৰতিফলিত কৰে অৰ্ধাঙ্গিনীয়ে ৷ তদুপৰি লাস-বিলাসী জীৱনৰ হাবিয়াস পুহি কিদৰে এগৰাকী যুৱতীয়ে পিতৃ-মাতৃক জলাঞ্জলি দিয়াৰ লগতে তেওঁলোকক যন্ত্ৰণা দি কেনেকৈ নিজৰ জীৱন অধঃপতনৰ দিশে ঠেলি নি জীৱন ধ্বংসৰ আখৰা চলাই তাৰ বাস্তৱ ছবিখন অৰ্ধাঙ্গিনীৰ জড়িয়তে প্ৰকাশ কৰে ৷

অন্যহাতে পিতৃ-মাতৃয়ে মূৰৰ ঘাম মাটিত পেলাই অশেষ কষ্টৰে পুত্ৰক সুশিক্ষাৰে উচ্চশিক্ষিত কৰি পুত্ৰই বিলাসিতা জীৱন কটোৱাৰ সপোন দেখি নিজৰে পিতৃ-মাতৃক পাহৰি কেৱল টকাৰ সপোন দেখিয়ে পিতৃ-মাতৃক বৃদ্ধাশ্ৰমত থ'বলৈও কুণ্ঠাবোধ নকৰা পুত্ৰই পিতৃ-মাতৃৰ উপস্থিতিতে পৈত্ৰিক সম্পত্তি বিক্ৰী কৰিবলৈ ওলোৱা নিৰ্মম ছবি এখনো অৰ্ধাঙ্গিনীয়ে প্ৰতিফলিত কৰে ৷ কুলাংগাৰ পুত্ৰ সকললৈ প্ৰস্তুতি পৰাশৰে দুৰ্দান্ত অভিনয়েৰে প্ৰদান কৰা বাৰ্তাই সাম্প্ৰতিক সময়ৰ প্ৰজন্মক ভাবিবলৈ বাধ্য কৰাইছে যে টকাই সৰ্বোচ্চ নহয়, টকাই নিশেষ কৰিব পাৰে বিলাসিতাৰ অহংকাৰ ৷

“ননচেন্স হ'বলৈ কোনো ডিগ্ৰী নালাগে" বহু ডিগ্ৰী থাকিলেও ননচেঞ্চ হ'ব পাৰি।" নাটখনত এনেবোৰ সংলাপ সংযোজন কৰি ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছে “অৰ্ধাঙ্গিনী"য়ে ৷

জন্মদাত্ৰী পিতৃ-মাতৃক বৃদ্ধা অৱস্থাত এলাগি কৰি বিলাসিতা জীৱন কটোৱা পুত্ৰৰ জীৱন কেনেদৰে ফুটপাথৰ ভিক্ষাৰীৰ সমপৰ্যায়লৈ নামি আহে তাৰ বাস্তৱ ছবিখন দাঙি ধৰে অৰ্ধাঙ্গিনীয়ে ৷ প্ৰস্তুতি পৰাশৰৰ দুৰ্দান্ত আৰু নিখুঁত অভিনয়ে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে নাটখনক অত্যাধুনিক কাৰিকৰী কৌশল প্ৰয়োগ কৰিয়ো দৰ্শকৰ দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে ৷ উল্লেখযোগ্য যে বৰক্ষেত্ৰী সাৰ্বজনীন দুৰ্গোৎসৱ সমিতিয়ে আমন্ত্ৰণ কৰি অনা আৱাহন থিয়েটাৰৰ প্ৰথম নিশাৰ নাট অৰ্ধাঙ্গিনী উদ্বোধন কৰে বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়া কৌস্তৱ ৰয়ে ৷ যি সম‌য়ত মৌলিক নাট বিচাৰি দৰ্শক হাবাথুৰি খাবলগীয়া হৈছে সেই সময়ত অৰ্ধাঙ্গিনী সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ নাটক হোৱা বুলিও দৰ্শকৰ মাজত চৰ্চা চলিছে ৷

মুকালমুৱাৰ দুৰ্গা পূজাত আৱাহনৰ নাট অৰ্ধাঙ্গিনীয়ে বিলালে পুত্ৰ-কন্যাৰ দায়িত্ববোধৰ বাৰ্তা
নিউ গুৱাহাটী আঞ্চলিক সাৰ্বজনীন পূজাৰ স্মৃতিগ্ৰন্থ উন্মোচন : মুখ্যমন্ত্ৰীৰ আৰ্থিক অনুদান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in