লামডিঙত জব্দ গাঞ্জাসহ সৰবৰাহকাৰী

একাংশ ৰে'লবিভাগৰ কৰ্মচাৰীক মেনেজ কৰি দুষ্ট চক্ৰই ৰে'লৰ জৰিয়তে চলাইছে অবৈধ সামগ্ৰীৰ ৰমৰমীয়া বেহা

author-image
Asomiya Pratidin
New Update
লামডিঙত জব্দ গাঞ্জাসহ সৰবৰাহকাৰী

ডিজিটেল সংবাদ,লামডিংঃ প্ৰায়েই ৰে'লযোগে সৰবৰাহ হৈ আছে অবৈধ সামগ্ৰী। একাংশ ৰে'লবিভাগৰ কৰ্মচাৰীক মেনেজ কৰি দুষ্ট চক্ৰই ৰে'লৰ জৰিয়তে চলাইছে অবৈধ সামগ্ৰীৰ ৰমৰমীয়া বেহা।

Advertisment

এনেবোৰ ঘটনাৰ মাজতে পুনৰ লামডিঙত বৃহৎ পৰিমাণৰ নিচা জাতীয় সামগ্ৰী জব্দ কৰে। লামডিং আৰক্ষীয়ে জব্দ কৰে ৪০ কেজি নিষিদ্ধ গাঞ্জা ৷ এক গোপন সূত্ৰৰ পম খেদি পুৱা ৰে'ল ষ্টেচনৰ সন্মূখৰ পৰা এজন ব্যক্তিসহ গাঞ্জা খিনি জব্দ কৰে ৷

জানিব পৰা মতে, ডিমাপুৰৰ পৰা ৰে'লযোগে গাঞ্জাখিনি বিহাৰলৈ সৰবৰাহ কৰিছিল।গাঞ্জাখিনি সৰবৰাহ কৰি অনা এজন সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে।আটকাধীন ব্যক্তিজনজন লংকা খেৰনিৰ ভোলা কেওঁট বুলি জানিব পৰা গৈছে ।

জব্দকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ৪ লাখ টকা বুলি লামডিং আৰক্ষী জানিবলৈ দিয়ে। পূৰ্বতেও ৰে'ল আৰক্ষীয়ে মহিলা গেংসহ আটক কৰিছিল বৃহৎ পৰিমাণৰ ভাং ।বৰ্তমান আটক কৰা ব্যক্তিজনক শঙ্কৰদেৱ নগৰ আদালতলৈ প্ৰেৰণ কৰিছে।

Also Read: লাগে নেকি চৰকাৰী চাকৰি, ৰমাকান্তই লিখি দিব মুখ্যমন্ত্ৰীলৈ চিঠি...

Assam police crime