/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/c4a64331-3106-4819-846f-7638c3acaf7b/drugs_jakhlabandha.jpg)
ডিজিটেল সংবাদ,কলিয়াবৰঃ ড্ৰাগছসহ সৰবৰাহকাৰীক আটক। এই ঘটনা সংঘটিত হৈছে জখলাবন্ধাত। মঙলবাৰে নিশা কলিয়াবৰৰ জখলাবন্ধাত স্থানীয় ৰাইজে দুই ড্ৰাগছ সেৱনকাৰী আৰু সৰবৰাহকাৰীক আটক কৰি আৰক্ষীক চমজাই দিয়ে ৷
আটকাধীন যুৱক দুজন ক্ৰমে বিশাল বণিক আৰু পুতলা শৰ্মা। ৰাইজে ধৃত ড্ৰাগছ সৰবৰাহকাৰীদ্বয়ক জখলাবন্ধাৰ পদপথত আঠু কঢ়াই লপা-থপা দি আৰক্ষীক চমজাই দিয়ে ৷ ধৃত যুৱকদ্বয়ৰ জিম্মাৰ পৰা আৰক্ষীয়ে ড্ৰাগছ ভৰ্ত্তি ৮ টা সৰু কন্টেইনাৰ আৰু ২ টা খালি কন্টেইনাৰ জব্দ কৰে ।
Also Read: হেমন্ত কুমাৰ ভট্টাচাৰ্যৰ "কবিতা জীৱনৰ -কবিতা সময়ৰ" কাব্যগ্ৰন্থ উন্মোচন