ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান : ব্ৰাউন ছুগাৰসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী

গোপন সূত্ৰৰ ভিত্তিত কালাপানী আৰক্ষী শুকুৰবাৰে অসম মেঘালয় সীমান্তৱৰ্তী পিপুলবাৰীত অভিযান চলায়

author-image
Asomiya Pratidin
New Update
ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান : ব্ৰাউন ছুগাৰসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা : ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অসম মেঘালয় সীমান্তৱৰ্তী পিপুলবাৰীত শুকুৰবাৰে সন্ধিয়া আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলায়। অভিযানত আৰক্ষীয়ে ব্ৰাউন ছুগাৰৰৰ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰে।

Advertisment

উল্লেখযোগ্য যে এক গোপন সূত্ৰৰ ভিত্তিত কালাপানী আৰক্ষী শুকুৰবাৰে অসম মেঘালয় সীমান্তৱৰ্তী পিপুলবাৰীত অভিযান চলায় । হাটশিঙিমাৰীৰ পৰা পিপুলবাৰী অভিমুখে আহি থকা এটা মটৰ চাইকেল আৰক্ষীয়ে ৰখাই মটৰ চাইকেলত থকা দুই ড্ৰাগছ সৰবৰাহকাৰীত আটক কৰি তেওঁলোকৰ পৰা ২২.৫৩ গ্ৰাম ওজনৰ ব্ৰাউন ছুগাৰ উদ্ধাৰ কৰে।

আৰক্ষীয়ে মটৰ চাইকেল, দুটা মোবাইল ফোন আৰু ব্ৰাউন ছুগাৰসহ দুই ধৃতক কৰায়ত্ব কৰে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটাগৰাকীক দক্ষিণ শালমাৰা থানা এলেকাৰ অধীনস্থ খাৰুৱাবান্ধা গাঁৱৰ জয়নাল আবেদিনৰ পুত্ৰ আজিজুল হক আৰু বৰঝোৰা গাঁৱৰ হাবেজ উদ্দীনৰ পুত্ৰ খুৰাশেদ আলী বুলি চিনাক্ত কৰা হৈছে। ঈদৰ প্ৰাক ক্ষণত ড্ৰাগছ সৰবৰাহকাৰীদ্বয় ব্ৰাউন ছুগাৰ খিনি জিলাৰ সদৰ হাটশিঙিমাৰীৰ পৰা পিপুলবাৰীলৈ গৈ থকা অৱস্থাত জব্দ কৰা হয়।

কালাপানী আৰক্ষীয়ে মানকাচৰ থানাত ড্ৰাগছ সৰবৰাহকাৰী দুটাক গতাই দিয়ে। মানকাচৰ আৰক্ষী আজি জিলা সত্ৰ ও ন্যায়াধীশ আদালতত হাজিৰ কৰি আৰক্ষীয়ে অধিক তদন্তৰ বাবে তিনি দিনৰ জিম্মাদ বিচাৰে।

ফলত আদালতে মানকাচৰ আৰক্ষীক তিনি দিনৰ জিম্মাত দিয়া বুলি জানিব পৰা গৈছে। বৰ্তমান মানকাচৰ আৰক্ষীয়ে সৰবৰাহকাৰী দুটাক জেৰা চলাই ড্ৰাগছ ৰেকেট কৰায়ত্ব কৰাৰ বাবে তদন্ত চলাই থকা হৈছে বুলি উল্লেখ কৰে।

Also Read: ওৰাঙত পথ দুৰ্ঘটনাঃ আহত দুই যুৱক

Assam police crime