ওৰাঙত পথ দুৰ্ঘটনাঃ আহত দুই যুৱক

আহত যুৱক দুজনক তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱাৰ সু-ব্যৱস্থা কৰি দিয়ে
road accident
road accidentroad accident

ডিজিটেল সংবাদ, ওৰাং : ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত ওৰাং-পাউৰীপোতা পথত দুজন বাইক আৰোহী নিয়ন্ত্ৰণ হেৰুৱাই দ' খাৱৈত পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আহত বাইক আৰোহী দুজনৰ ঘৰ ওৰাং থানাৰ অন্তৰ্গত লুঙী চেণ্টাৰত বুলি জানিব পৰা গৈছে।

আঘাতপ্ৰাপ্ত এজন আইনুল ইছলামৰ পুত্ৰ বাবুল ইছলাম আৰু আনজন চুৰাব আলিৰ পুত্ৰ অজমল হক বুলি জানিব পৰা গৈছে। ওৰাং আৰক্ষীৰ সহযোগত দুৰ্ঘটনা পতিত হোৱা বাইক আৰোহী দুজনক দুৰ্ঘটনা সংঘটিত হোৱা ঠাইৰ পৰা ততাতৈয়াকৈ ওৰাং সামূহিক চিকিৎসালয়লৈ নিয়া হয়।

ইয়াৰ পাছতে লগে লগে ওৰাং ভি চি ডি চিৰ চেয়াৰমেন দিব্যজ্যোতি শইকীয়াই দুৰ্ঘটনা হোৱা ঠাইৰ পৰা ওৰাং সামূহিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত হয় আৰু ব্যক্তিগত গাড়ীৰ ব্যৱস্থা কৰি আহত যুৱক দুজনক তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱাৰ সু-ব্যৱস্থা কৰি দিয়ে।

উল্লেখযোগ্য যে দুৰ্ঘটনা হোৱা বাইক আৰোহী দুজনে হেলমেট পৰিধান কৰা নাছিল। চেয়াৰমেন গৰাকীয়ে জনাই যে ওৰাং সামূহিক স্বাস্থ্য কেন্দ্ৰৰ এম্বুলেন্সখন দুবছৰ ধৰি গেৰেজত সোমাই আছে। চিকিৎসা সেৱাৰ বাবে এম্বুলেন্সখন উপযোগী হৈ থকা নাই। এম্বুলেন্সখন মুকলি কৰিব পাৰিলে এনেধৰণৰ মটৰ দুৰ্ঘটনা বোৰত ৰাইজে কিছু সকাহ পাব বুলি তেওঁ মন্তব্য কৰে।

road accident
উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়লৈ "নাক"ৰ বি গ্ৰেড

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in