মহিলাৰ দ্বাৰা গঠিত অসমৰ দ্বিতীয়খন শাখা সাহিত্য সভাৰ অধিৱেশন সম্পন্ন

নলবাৰী জিলা সাহিত্য সভাৰ অন্তৰ্গত মহিলাসকলৰ দ্বাৰা গঠিত অসমৰ দ্বিতীয়খন শাখা সভা

author-image
Asomiya Pratidin
New Update
মহিলাৰ দ্বাৰা গঠিত অসমৰ দ্বিতীয়খন শাখা সাহিত্য সভাৰ অধিৱেশন সম্পন্ন

ডিজিটেল সংবাদ, নলবাৰী : নলবাৰী জিলা সাহিত্য সভাৰ অন্তৰ্গত মহিলাসকলৰ দ্বাৰা গঠিত অসমৰ দ্বিতীয়খন শাখা সভা মৈত্ৰেয়ী সাহিত্য সভাৰ দুদিনীয়াকৈ আয়োজিত প্ৰথম দ্বি-বাৰ্ষিক অধিৱেশনৰ ১৯ ফেব্ৰুৱাৰী দেওবাৰে সফলভাৱে সমাপন হয়। সুভদ্ৰা চৌধুৰী ভৱনত হোৱা এই অধিৱেশনৰ কাৰ্যসূচী অনুসৰি আজি পুৱাৰ ভাগত শাখাখনৰ আজীৱন সভ্যসকলৰ মাজত অন্তৰংগ আলাপ অনুষ্ঠান হয় ।

Advertisment

অনুষ্ঠানৰ শুভ উদ্বোধন কৰে একাগ্ৰ শিক্ষাব্ৰতী ডিম্বিকা চৌধুৰীয়ে । নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাৰ সঞ্চালনাত হোৱা এই অন্তৰংগ আলাপ অনুষ্ঠানত ডঃ উপমা বৰ্মন ডেকা, দীপামণি গোস্বামী, কবিতা ডেকা তালুকদাৰ, প্ৰণীতা হালৈ, সেউতী দেৱী, ললিতা গোস্বামী, দীপিকা দেৱী, চুনুমা বৈশ্য, নিৰুপমা হালৈ, নয়নমণি ডেকা, মামণি ডেকা, বিজুমণি কাকতি, ক্ষীৰদা দাস, কিৰণ দেৱী, সৰলা তালুকদাৰ, লতিকা তালুকদাৰ, মঞ্জু দেৱী, মৃদুষ্মিতা বৰুৱা মেধি, মিনতি দাস, মালতী গোস্বামী, মল্লিকা ভূঞা, পুতুল ৰামচিয়াৰী আদিয়ে অংশ লয়।

সাহিত্যানুৰাগীসকলে বৰগীত, লোকগীত, বিয়াগীত, বনগীত, বিহুগীত, নিচুকনি গীত, ঘোষানাম, গায়ত্ৰী মন্ত্ৰ, স্বৰচিত কবিতা আবৃত্তি পৰিৱেশনেৰে সকলোকে বিভিন্ন ৰস প্ৰদান কৰি অনুষ্ঠানটোক বাৰুকৈয়ে উজ্জীৱিত কৰে । ইয়াৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ অৱসৰীয়া অধ্যাপিকা ডঃ উপমা বৰ্মন ডেকাৰ সঞ্চালনাত ‘নাৰী নিৰ্যাতন প্ৰতিৰোধত লেখিকাৰ ভূমিকা’ শীৰ্ষক আলোচনা চক্ৰ সম্পন্ন হয় ।

মৈত্ৰেয়ী শাখা সাহিত্য সভাৰ সম্পাদক কবিতা ডেকা তালুকদাৰে আঁত ধৰা আৰু বিহুৱতী স্বপ্না দাসে পৰিৱেশন কৰা বিহুগীতেৰে আৰম্ভ হোৱা এই আলোচনাচক্ৰত কামৰূপ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডঃ কবিতা চৌধুৰী আৰু মালিগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰীয়া অধ্যক্ষ মালতী গোস্বামীয়ে আলোচক হিচাপে ভাগ লয় । এই অনুষ্ঠানত বোলছবি অভিনেতা কাজল ৰয়ক সাদৰ সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

আবেলি মৈত্ৰেয়ী শাখা সাহিত্য সভাৰ সভাপতি দীপামণি গোস্বামীৰ পৌৰোহিত্যত হোৱা মুকলি সভাত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডঃ উপেন্দ্ৰজিৎ শৰ্মাক বিপুলভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয় । সম্বৰ্ধনা গ্ৰহণ কৰি দিয়া ভাষণত সভাৰ প্ৰধান সম্পাদকগৰাকীয়ে বজাৰে-সমাৰে অসম সাহিত্য সভাক সমালোচনা কৰাতকৈ সভাৰ সক্ৰিয় কৰ্মী হৈ সভাক আগুৱাই নিবলৈ আহ্বান জনাই কয় যে শীতাতপ কোঠাত বহি কবিতা, গল্প, উপন্যাস লিখি, বঁটা-বহন লৈ বাহ্‌ বাহ্‌ ল’ব পাৰি । কিন্তু জাতীয় জীৱনৰ বাবে কাম কৰাতো কঠিন ।

অসম সাহিত্য সভাক নেতিবাচকভাৱে সমালোচনা কৰা লোকসকলে অসমীয়াৰ জাতীয় জীৱনৰ বা অসম সাহিত্য সভাৰ কি কাম কৰিছে তাৰ উদাহৰণ দিবলৈও মুকলি আহ্বান জনায় । সভাত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ডাঃ বিপিন চন্দ্ৰ কলিতা আৰু সাংগঠনিক সম্পাদক গোৱিন্দ কলিতাই বিশিষ্ট অতিধি হিচাপে ভাগ লয় ।

আবেলি শাখা সভাখনৰ সভাপতি দীপামণি গোস্বামীৰ পৌৰোহিত্যত হোৱা মুকলি সভা আয়োজনৰ উদ্দেশ্য ব্যাখ্যা কৰে শাখা সভাখনৰ সম্পাদক কবিতা ডেকা তালুকদাৰে । চিৰ চেনেহী মোৰ ভাষা জননী শীৰ্ষক বৃন্দগীতেৰে আৰম্ভ হোৱা সভাখন উদ্বোধন কৰে নলবাৰী জিলা সাহিত্য সভাৰ উপ সভাপতি অতুল চন্দ্ৰ শৰ্মাই । সভাত মহাপুৰুষ শ্ৰীমন্ত শংৰৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ডঃ লীনা ডেকাই মামণি ডেকাৰ সম্পাদনাত প্ৰকাশিত মৈত্ৰেয়ী শাখা সাহিত্য সভাৰ প্ৰথম সংখ্যা মুখপত্ৰ ‘পদ্মকল্প’ উন্মোচন কৰে ।

নলবাৰী মহাবিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ অৱসৰীয়া অধ্যাপক ডঃ দীনমণি ভাগৱতী আৰু নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই বিশিষ্ট অতিথি হিচাপে ভাগ লয় । অনুষ্ঠানত সাহিত্যসেৱক প্ৰাঞ্জল শৰ্মা, প্ৰিয়াংকু নাৰায়ণ বৰুৱা, ৰুণুমী দেৱী গোস্বামী, প্ৰদীপ বৈশ্য আৰু উৎপল লোচন শৰ্মা, বিপিন চন্দ্ৰ কলিতা প্ৰমুখ্যে কেইবাগৰাকী লোকে ভাগ লয় । অসম সংগীত পৰিৱেশনেৰে অধিৱেশন সামৰা হয় ।

ইয়াৰ পূৰ্বে ১৭ ফেব্ৰুৱাৰীৰ পুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলনেৰে অধিৱেশনৰ শুভাৰম্ভ কৰে মৈত্ৰেয়ী শাখা সাহিত্য সভাৰ সভাপতি দীপামণি গোস্বামীয়ে । অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক শৰৎচন্দ্ৰ গোস্বামী আৰু শিক্ষাসেৱক মহেন্দ্ৰ নাৰয়ণ চৌধুৰীৰ আবক্ষ মূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । ইয়াৰ পাছত দীপামণি গোস্বামীৰ পৌৰোহিত্যত হোৱা সাধাৰণ সভাত সভাৰ বিভিন্ন দিশ আলোচনা কৰা হয় ।

আৰু পঢ়কঃ ঢকুৱাখনা বিধানসভা সমষ্টি আৰক্ষণমুক্ত দাবী সমিতিৰ সভা...

sahitya sabha meeting