জখলাবন্ধাত চোৰাং কাঠ জব্দ

ফটো সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ মোবাইল কাঢ়ি নিলে চোৰাং কাঠ মাফিয়াই

author-image
Asomiya Pratidin
New Update
জখলাবন্ধাত চোৰাং কাঠ জব্দ

ডিজিটেল সংবাদ, কলিয়াবৰঃ কলিয়াবৰত চোৰাং কাঠ মাফিয়াৰ দৌৰাত্ম অব্যাহত আছে। কিন্তু তাৰমাজতে শনিবাৰে দিন দুপৰতে চোৰাং কাঠ কঢ়িয়াই অনা এখন বাহনৰ ফটো সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ মোবাইল ফোন চোৰাং কাঠ মাফিয়াই কাঢ়ি নিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Advertisment

জখলাবন্ধা আৰক্ষী থানাৰ অন্তৰ্গত সৰুভগীয়াৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত সংঘটিত হৈছে এই ঘটনা। ইয়াৰ পাছতে ঘটনাস্থলীত আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে এএছ ০২বি চি ৫৬১৫ , নম্বৰৰ কাঠ ভৰ্তি বাহনখন জব্দ কৰি খণ্ড বন বিষয়াৰ কাৰ্যালয়লৈ লৈ যায়।

জানিব পৰা মতে কাৰ্বি পাহাৰৰ পৰা মূল্যবান কাঠ চোৰাংভাৱে বলেৰ’ পিক আপ বাহনত সৰবৰাহ কৰি আনিছিল কাঠ মাফিয়াই। কলিয়াবৰৰ সৰুভগীয়াত বাহনখনৰ চকা ফুটাত কিছু সময় বাহনখন সেই স্থানত ৰখাইছিল চালকে।

স্থানীয়লোকৰ সন্দেহ হোৱাত বাহনখনৰ কাষ চাপি যোৱাত মূল্যবান কাঠৰ ফান্টা ত্ৰিপাল দি ঢাকি থোৱা প্ৰত্যক্ষ কৰে। ঘটনাস্থলীত কলিয়াবৰৰ জ্যেষ্ঠ সাংবাদিক তৰুণ মুক্তিয়াৰ উপস্থিত হৈ ফটো তুলিব লওতেই সাংবাদিকৰ মোবাইল কাঢ়ি পলায়ণ কৰে বাহনখনৰ চালক তথা জনৈক বৰলা নামৰ যুৱকজনে।

পাছমুহূৰ্ততে বাহনখনত থকা আন দুই চোৰাং কাঠ মাফিয়া টেম্পোত উঠি উধাও হয়। কিছু দুৰ গৈ সাংবাদিকৰ মোবাইলটো ৰাস্তাৰ কাষত পেলাই থৈ যায় চোৰাং কাঠমাফিয়াই। ঘটনাস্থলীত শিলঘাট বনবিভাগৰলোক উপস্থিত হৈ কাঠভৰ্তি বাহনখন জব্দ কৰে। স্থানীয় ৰাইজৰ অভিযোগ বনবিভাগৰ চকুত ধূলি দি অসাধু কাঠ মাফিয়াই দীৰ্ঘদিন ধৰি এইদৰে কাৰ্বি পাহাৰৰ পৰা মূল্যবান কাঠ চোৰাংভাৱে সৰবৰাহ কৰি অহাটো নিয়মত পৰিণত হৈছে।

দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ হোৱা বুলি দাবী কৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনৰ দিনত সংঘটিত এই ঘটনাই ফোপোলা স্বৰূপ পুনৰ উদঙাই দিছে বুলি একাংশই মন্তব্য কৰে।

Also Read: ক'ল ইণ্ডিয়া মহিলা সমাজৰ উদ্যোগত মহিলাৰ কৰ্কট ৰোগৰ সজাগতা সভা

assam forest department