ক'ল ইণ্ডিয়া মহিলা সমাজৰ উদ্যোগত মহিলাৰ কৰ্কট ৰোগৰ সজাগতা সভা

ক'ল ইণ্ডিয়া মহিলা সমাজৰ উদ্যোগত মহিলাৰ কৰ্কট ৰোগৰ সজাগতা সভা

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটা ইণ্ডিয়া ক্লাৱ প্রাংগনত শনিবাৰে ৰাজহুৱা খণ্ডৰ মহিলা কৰ্মচাৰী সংগঠন ক'ল ইণ্ডিয়া মহিলা সমাজৰ উদ্যোগত মহিলাৰ কৰ্কট ৰোগ আৰু ৰক্ত হীনতা ৰোগৰ সজাগতা সভা অনুষ্ঠিত কৰে। ক'ল ইণ্ডিয়া কেন্দ্ৰীয় চিকিৎসালয়ৰ চকু চিকিৎসক দিব্যা সিং বৰঠাকুৰে আঁত ধৰা সভাত আদৰণি ভাষণ প্ৰদান কৰে ডাক্তৰ দিব্য জ্যোতি সোণোৱালে ।

মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অধ্যাপিকা দীপশ্রী দাস সৰকাৰে সভাৰ আৰম্ভণীতে বন্তি প্রজ্বলন অনুষ্ঠান শুভাৰম্ভ কৰে। উত্তৰ পূৱ কয়লা ক্ষেত্রৰ মহা প্রৱন্ধক সৌন্দৰ্য্য প্রসাদ দত্ত মুখ্য অতিথি ৰূপে অংশ গ্রহণ কৰা সভাত ক'ল ইণ্ডিয়াৰ কেন্দ্রীয় চিকিৎসালয়ৰ মুখ্য স্বাস্থ্য বিষয়া ডা০ ভৃংগেশ্বৰ শৰ্মা, এন ই চি এফৰ কাম্যিক প্রৱন্ধক এ বিল্লী বিশিষ্ট অতিথি ৰূপে অংশ গ্রহণ কৰে।

আজিৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি মহিলাৰ কৰ্কট ৰোগ আৰু ৰক্ত হীনতা সন্দৰ্ভত সজাগতা সভাত সমল ব্যক্তি ৰূপে অংশ গ্রহণ কৰে গুৱাহাটীৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ মেডিকেল অংক’লজী বিভাগৰ মুৰব্বী চিকিৎসক ডা০ নীলাক্ষী মহন্ত আৰু মাৰ্ঘেৰিটাৰ মে'ফ্লাৱৰ নাৰ্চিহোমৰ স্ত্রীৰোগ বিশেষজ্ঞ ডা০ নিতু মনি দাসে । মাৰ্ঘেৰিটা মহকুমাৰ কেইবাখনো বিদ্যালয়ৰ ছাত্রীৰ লগতে বহু সংখ্যক মহিলা উপস্থিত থকা আজিৰ অনুষ্ঠানৰ আৰম্ভনিতে ক্রান্তি অমেন এছোচিয়েচন মাৰ্ঘেৰিটা শাখাৰ সদস্যাসকলে বৰ্ণালী চক্ৰৱত্তীৰ পৰিচালনাত সমবেত সংগীত পৰিবেশন কৰে।

অনুষ্ঠানত মাৰ্ঘেৰিটা অঞ্চলৰ প্রতিষ্ঠিত মহিলা ব্যৱসায়ী মেজাংকৰী বস্ত্রালয়ৰ স্বত্বাধিকাৰ বৰ্ণালী গগৈ গুহক সম্বৰ্ধনা জনোৱা হয়। অন্যহাতে অনুষ্ঠানৰ আৰম্ভনিতে বৃক্ষৰোপণ কায্যসূচীৰ মুকলি কৰে ডা০ ৰাণু মণি দত্তই।

ক'ল ইণ্ডিয়া মহিলা সমাজৰ উদ্যোগত মহিলাৰ কৰ্কট ৰোগৰ সজাগতা সভা
দিল্লীৰ ৰবীন্দ্ৰ ভৱন কাননত মনোজ্ঞ অনুষ্ঠান: মনোজ কুমাৰ গোস্বামীক অকাডেমি বঁটা প্ৰদান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in