/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/c84f4ef4-5c50-43fc-a08c-c56628de219d/g5.jpg)
ডিজিটেল সংবাদ,চিৰাং: বৃহস্পতিবাৰে চিৰাং জিলাৰ ভাৰত- ভূটান সীমান্তৰ বেংতলৰ ওদালগুৰি গাঁৱত বনবিভাগৰ লোকে অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰে । এচ এচ বিৰ সহযোগত বন বিভাগে চলোৱা অভিযানত প্ৰায় ৪৫ লক্ষাধিক টকা মুল্যৰ চোৰাং কাঠ জব্দ কৰে ।
ভাৰত-ভূটান সীমান্তৰ চিৰাং সংৰক্ষিত বনাঞ্চল বেদখলমুক্ত কৰাৰ প্ৰয়াস চলাই থকাৰ সময়তে আজি বন বিভাগে এচ এচ বিৰ সহযোগত চলোৱা অভিযানত এই বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ বিষয়টো তাৎপৰ্য্য বহন কৰিছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/bc49b33a-d9fe-4e1c-984e-9919f4dd9663/f0da5e33_a0ae_490d_b410_478ae5b7d102.jpg)
আজিৰ এই অভিযান সন্দৰ্ভত বেংতল বিট বিষয়া জেদ মুচাহাৰীয়ে কয় যে এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই জব্দ কৰা চোৰাং কাঠখিনিৰ বজাৰ মূল্য প্ৰায় ৪৫ লক্ষাধিক টকা হ'ব বুলি অনুমান কৰা হৈছে । এচ এচ বিৰ বিষয়া শৈলেন্দ্ৰ কলিতাই কয় যে পৰিৱেশ বন জংঘল ৰক্ষাৰ ক্ষেত্ৰত এচএচবি য়ে সদায় কাম কৰি আছে আগলৈ বনবিভাগৰ সৈতে এনেধৰণৰ অভিযানত সহযোগ আগবঢ়াই যাব বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/00cd5ab9-4d1a-4a18-9741-aea414393106/a82462bd_63df_49f2_a249_c8097438ca34.jpg)