গৰৈমাৰীত মধ্য অসম ভিত্তিত ইজতেমাৰ সফল সামৰণি

গৰৈমাৰীত মধ্য অসম ভিত্তিত ইজতেমাৰ সফল সামৰণি

ডিজিটেল সংবাদ,গৰৈমাৰীঃ কামৰূপ জিলাৰ গৰৈমাৰীৰ মহিমাৰীত তিনিদিনীয়াকৈ অনুষ্ঠিত মধ্য অসম ভিত্তিত ইজতেমাৰ বৃহস্পতিবাৰে সফল সামৰণি পৰে ৷ মধ্য অসমৰ ১৪খনকৈ জিলাক সাঙুৰি গৰৈমাৰীৰ মহিমাৰীত যোৱা ৭ ফেব্ৰুৱাৰীৰ পুৱাৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা ইজতেমাৰ বৃহস্পতিবাৰে সমূহীয়া দোৱাৰ সামৰণি পৰে ৷

উল্লেখ্য যে কামৰূপ জিলাসহ মধ্য অসমৰ মুঠ ১৪ খন জিলাৰ পৰা প্ৰায় ৫লাখ ইছলাম ধৰ্মাৱলম্বী লোকে ইজতেমাৰ সমূহীয়া দোৱাত অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে উদ্যোক্তাসকলে মহিমাৰীৰ ইজতেমাস্থলীত বিশুদ্ধ পানীৰ ব্যৱস্থা কৰাৰ উপৰি সকলো ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে শৌচালয়, অজুৰ বাবে পানীৰ টেপ, দমকল, অস্থায়ীভাৱে গা-ধোঁৱাৰ ব্যৱস্থা, চিকিৎসা শিবিৰৰ লগতে নিৰাপত্তাৰ ব্যৱস্থাও কৰাত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই ৷

মহিমাৰীৰ বিস্তৃত পথাৰত অনুষ্ঠিত হোৱা ইজতেমাত নিশা পোহৰৰ বাবে পৰ্যাপ্ত পৰিমাণৰ বিদ্যুতৰ ব্যৱস্থা কৰা হৈছিল ৷ জানিব পৰামতে তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা ইজতেমাত মধ্য অসমৰ ১৪ খন জিলাৰ উপৰি বহিঃৰাজ্যৰ পৰাও বহুসংখ্যক ধৰ্মপ্ৰাণ লোকে অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে আখেৰী দোৱা অৰ্থাৎ সমূহীয়া মোনাজাতত দেশৰ লগতে বিশ্বশান্তিৰ কামনা কৰা হয় ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in