স্কেটিং চেম্পিয়নশ্বিপত ভাগ ল'ব বিচাৰে নেকি ?

ভাৰতীয় ৰোলাৰ স্কেটিং ফেডাৰেচনৰ ৰাষ্ট্ৰীয় আন্ত: জিলা চেম্পিয়নশ্বিপ...

author-image
Asomiya Pratidin
New Update
স্কেটিং চেম্পিয়নশ্বিপত ভাগ ল'ব বিচাৰে নেকি ?

ডিজিটেল ডেস্ক: অসমৰ স্কেটিং খেলুৱৈৰ বাবে ভাল খবৰ। অহা ২৭ এপ্ৰিলৰ পৰা ২ মে' লৈ ভাৰতীয় ৰোলাৰ স্কেটিং ফেডাৰেচনৰ দ্বাৰা ছণ্ডিগড়ৰ মোহালিত অনুষ্ঠিত হ'ব প্ৰথম ৰাষ্ট্ৰীয় আন্ত: জিলা চেম্পিয়নশ্বিপ।

এই চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলৈ ইচ্ছুক সকলে ইতিমধ্যই আৰম্ভ হোৱা বিচাৰ প্ৰক্ৰিয়াৰ বাবে ১৩ এপ্ৰিলৰ পূৰ্বে অসমৰ দ্বায়িত্বত থকা কাকলি বৰুৱা শৰ্মাৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে।

উল্লেখ্য যে, অসমৰ প্ৰতিখন জিলাৰ পৰাই এই চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিব পৰিব। গতিকে ইচ্ছুক প্ৰাৰ্থীয়ে ৭০০২৮৫৬৯২০ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে বিভাগীয় কৰ্তৃপক্ষই।

Also Read: বেয়া দিন: তিনি কংগ্ৰেছী বিধায়কৰ পদত্যাগ...

Indian Roller Skating Fedaration Skating