মৰিগাঁৱত আৰক্ষীৰ জালত ৬টা সুদখোৰ

মৰিগাঁও জিলাৰ মায়ঙৰ আৰক্ষীৰ জালত পৰিছে ৬টা সুদখোৰ।

author-image
Asomiya Pratidin
New Update
মৰিগাঁৱত আৰক্ষীৰ জালত ৬টা  সুদখোৰ

ডিজিটেল সংবাদ মায়ংঃ মৰিগাঁও জিলাৰ মায়ঙৰ আৰক্ষীৰ জালত পৰিছে ৬টা সুদখোৰ। সোমবাৰে নিশা ১২ মান বজাত আৰক্ষীয়ে আটক কৰে সুদখোৰ কেইটাক। ধৃত সুদখোৰ কেইটা চহিদুল্লাহ, ৰজৱ আলী, ইজাজুল, মফিজুদ্দিন আৰু ওচমান আলী বুলি জানিব পৰা গৈছে।

Advertisment

আটক হোৱা আটাইকেইজনৰ ঘৰ মায়ঙৰ গাগলমাৰী আৰু লেহপতিত। অঞ্চলটোত নাম জ্বলা সুদখোৰ হিচাপে জনাজাত ধৃত সুদখোৰকেইটা। দীৰ্ঘদিন ধৰি মায়ঙৰ সুদখোৰকেইটাই বহুতকে জ্বলা কলা খুৱাই আহিছে। সুদৰ টকা পৰিশোধ কৰিব নোৱাৰি মাটি সম্পত্তি বিক্ৰী কৰিব লগা হৈছে।

উল্লেখযোগ্য যে মায়ঙৰ বুৰাবুৰীতো আছে কোটিপতি সুদখোৰ। এতিয়াও পলাতক অৱস্থাত আছে আন কেইবাজনো সুদখোৰ।

Also Read: জম্মু-কাশ্মীৰৰ ৭০ বছৰীয়া সপোন অহা কেইটামান বছৰত পূৰণ কৰিমঃ মোডী

mayong police