উদ্ভিদ বিজ্ঞানৰ অধ্যাপক তথা ভেষজ ঔষধ আৱিষ্কাৰক সোণধৰ কোঁৱৰৰ দেহাৱসান...

শিৱসাগৰ মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক সোণধৰ কোঁৱৰৰ বুধবাৰে নিশা নিজা বাসগৃহত দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ দেহাৱসান হয়

author-image
Asomiya Pratidin
New Update
উদ্ভিদ বিজ্ঞানৰ অধ্যাপক তথা ভেষজ ঔষধ আৱিষ্কাৰক সোণধৰ কোঁৱৰৰ দেহাৱসান...

sivsagar

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰ মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক সোণধৰ কোঁৱৰৰ(৬৬) বুধবাৰে নিশা নিজা বাসগৃহত দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ দেহাৱসান হয় ৷ তেওঁৰ ঘৰ আছিল বেতবাৰী ২ নং কোঁৱৰ গাঁৱত ৷ তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগেই সমগ্ৰ শিৱসাগৰ জিলাতেই গভীৰ শোকৰ ছাঁ পৰে ৷

Advertisment

জিলাখনৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত সোণধৰ কোঁৱৰে নিজাকৈ আৱিষ্কাৰ কৰা বহুকেইবিধ ভেষজ ঔষধে অনেক ৰোগীৰ জীৱনলৈ কঢ়িয়াই আনিছিল আশাৰ বতৰা ৷ তেওঁ বিগত সময়ত অৰ্শ, চাইনাচাইটিছ, বাতবিষ, কিডনীৰ পাথৰ, দাঁতৰ ৰোগকে ধৰি একাধিক ৰোগৰ ঔষধ গছ-গছনিৰ পৰা প্ৰস্তুত কৰি ৰোগীক আৰোগ্য কৰিবলৈ সক্ষম হৈছিল ৷

তেওঁ গোলাপৰ পাতৰ পৰা গছৰ সৃষ্টি কৰাৰ বাবে সুদীৰ্ঘকাল পৰীক্ষা নিৰীক্ষা অব্যাহত ৰাখিছিল ৷ জনকল্যাণৰ হকে কাম কৰি যোৱা সোণধৰ কোঁৱৰে নিজাকৈ দৰৱ প্রস্তুত প্ৰণালী তৈয়াৰ কৰি প্রাকৃতিকভাৱে ঔষধ সংৰক্ষণ কৰাৰ কৌশল ব্যৱহাৰ কৰিছিল ৷ বৃহস্পতিবাৰে তেওঁৰ নশ্বৰ দেহ স্বগৃহৰ পৰা শিৱসাগৰ মহাবিদ্যালয়ৰ চৌহদলৈ অনা হয় ৷ তেওঁৰ নশ্বৰ দেহত শিৱসাগৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰফুল্ল কুমাৰ কলিতাৰ লগতে শিক্ষক- কৰ্মচাৰী আৰ শিক্ষাৰ্থীসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ 

তদুপৰি তেওঁৰ একাংশ গুণমুগ্ধই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ উল্লেখ্য যে ১৯৫৫তে বেতবাৰী দ' গাঁৱত জন্মগ্ৰহণ কৰা প্রয়াত ভোলানাথ কোঁৱৰ আৰু ৰূপহী কোঁৱৰৰ পুত্ৰ সোণধৰ কোঁৱৰে মৃত্যুৰ সময়ত পত্নী, একমাত্ৰ কন্যা-জোঁৱাইৰ লগতে বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায় ৷

সোণধৰ কোঁৱৰৰ মৃত্যুত শিৱসাগৰ কলেজৰ প্ৰাক্তন অধ্যক্ষ ড° প্ৰকাশ কটকী, ড° উৎপল দত্ত, দেৱ হাজৰিকা, বেতবাৰী শাখা সাহিত্য সভাৰ হৈ গোলাপ বুঢ়াগোহাঁই, ৰঞ্জন কোঁৱৰ, বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জয়ন্ত মাধৱ গগৈ, বেতবাৰী নাগৰিক মঞ্চ, অসম গণ পৰিষদৰ জিলা সভাপতি ঘন গগৈ, অসম জাতীয় পৰিষদৰ জিলা সভানেত্ৰী নন্দেশ্বৰী বুঢ়াগোহাঁই, সম্পাদক মৃণাল চুতীয়া, গোবিন্দ ফুকন, প্ৰদীপ বৰগোহাঞি, দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে ৷

আৰু পঢ়ক : অংগনবাড়ী কৰ্মী, সহায়িকাৰ ধেমাজিত প্ৰতিবাদ...

assam sivsagar