অৱশেষত বনকৰা মহিলাক নিৰ্যাতন চলোৱা আৰক্ষী বিষয়াৰ বিৰুদ্ধে ৰুজু হ'ল গোচৰ

অৱশেষত বনকৰা মহিলাক নিৰ্যাতন চলোৱা আৰক্ষী বিষয়াৰ বিৰুদ্ধে ৰুজু হ'ল গোচৰ

author-image
Asomiya Pratidin
New Update
অৱশেষত বনকৰা মহিলাক নিৰ্যাতন চলোৱা আৰক্ষী বিষয়াৰ বিৰুদ্ধে ৰুজু হ'ল গোচৰ

ডিজিটেল সংবাদ, শিৱসাগৰঃ পুনৰ খাকী পোছাকত দাগ লগালে এগৰাকী এ পি এছ বিষয়াই। এইবাৰ খোদ আৰক্ষীৰ গৃহতে নিৰ্যাতিত হ'ল বনকৰা মহিলা। নাজিৰা মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ কাণ্ডত স্তম্ভিত সকলো।

Advertisment

বনকৰা মহিলাৰ গাত উতলা গৰম পানী ঢালি, বাথৰুমত ভৰাই অকথ্য নিৰ্যাতন চলাইছিল বিষয়াগৰাকীয়ে। এই ঘটনাৰ সন্দৰ্ভত অৱশেষত নাজিৰা আদৰ্শ আৰক্ষী থানাত গোচৰ ৰুজু কৰিলে ভুক্তভোগী মহিলাগৰাকীয়ে। নিৰ্যাতনৰ বলি হোৱা মহিলাগৰাকীৰ নাম লখিমপুৰৰ অনিমা প্ৰজা।

শৰীৰৰ বিভিন্ন অংশত স্পষ্ট আঘাতৰ চিন আছে অনিমাৰ। ঘটনা সন্দৰ্ভত জাঙুৰ খাই উঠিছে চাহ জনগোষ্ঠীয় সংগঠন আৰু এই লৈ ঘটনাৰ উচিত তদন্তৰ দাবী কৰে আটছাই।

উল্লেখ্য নাজিৰা আদৰ্শ আৰক্ষী থানাৰ ৩৬/২০২৩ নম্বৰত ৰুজু হৈছে এই গোচৰ। আনহাতে শনিবাৰে ভুক্তভোগীয়ে এজাহাৰ দিয়াৰ পিছতো দেওবাৰৰ দুপৰীয়ালৈকে গোচৰ ৰুজু নকৰাৰ অভিযোগ নাজিৰা আৰক্ষীৰ বিৰিদ্ধে।

Also Read: সোৱণশিৰিত নিৰ্বাচন আয়োগৰ সিদ্ধান্তৰ বিৰুদ্ধে বিশাল বাইক ৰেলী

Assam police