সোৱণশিৰিত নিৰ্বাচন আয়োগৰ সিদ্ধান্তৰ বিৰুদ্ধে বিশাল বাইক ৰেলী

সোৱণশিৰিত নিৰ্বাচন আয়োগৰ সিদ্ধান্তৰ বিৰুদ্ধে বিশাল বাইক ৰেলী

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ এক অপৰিপক্ক আৰু অবিবেচকী চৰকাৰী সিদ্ধান্তই জ্বলাইছে ঢকুৱাখনা। ঢকুৱাখনা মহকুমা সদৰৰ নিকটৱৰ্তী ঘিলামৰা ৰাজহ চক্ৰৰ অন্তৰ্গত সোৱণশিৰি পঞ্চায়তৰ ১৯খন গাঁৱৰ নাগৰিকৰ প্ৰতি চৰম অবিচাৰ কৰি ভাৰতীয় নিৰ্বাচন আয়োগে জাৰি কৰা নিৰ্দেশনাই এতিয়া তোলপাৰ লগাইছে সোৱণশিৰি অঞ্চলত।

কোনো ধৰণৰ ভৌগোলিক জ্ঞান নথকা আয়োগে কোনো ক্ষমতালোভী স্বাৰ্থপৰ ৰাজনীতিকৰ চক্ৰান্ত অনুসৰি পঞ্চায়তখনৰ প্ৰায় কুৰিখন গাঁও সুদূৰ নাওবৈছা বিধান সভা সমষ্টিত অন্তৰ্ভুক্ত কৰা হঠকাৰী কাণ্ডৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাইজ সংগঠন।ভুক্তভোগী সোৱণশিৰীবাসীৰ সহযোগিতাত মিচিং জাতীয় সংগঠন টাকাম মিচিং পৰিণ কৌবাং, মিচিং মিমাগ কৌবাং আৰু টাকাম মিচিং মিমে কৌবাংৰ উদ্যোগত এই জনবিৰোধী সিদ্ধান্ত বাতিলৰ দাবীত ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ।

তাৰেই অংশ হিচাবে দেওবাৰে দুপৰীয়া সোৱণশিৰী পঞ্চায়তত এই অবিবেচকী সিদ্ধান্তৰ সবল বিৰোধিতা কৰি উলিওৱা হয় বিশাল বাইক ৰেলী। পঞ্চায়তখনৰ ঢকুৱাখনা বিধানসভা সমষ্টিৰ পৰা বাহিৰ হোৱা ১৯খন গাঁৱৰ ৰাইজৰ স্বতঃস্ফূৰ্ত সহযোগিতাত জাতীয় সংগঠনৰ নেতৃত্বত হাতীয়েমৰা চাপৰিৰ খেল পথাৰত এই বিশাল বাইক ৰেলীৰ শুভাৰম্ভ কৰা হয় । বিশাল বাইক ৰেলীৰ উদ্বোধন কৰে প্ৰাক্তন জাতীয় সংগঠনৰ নেতা পানীন্দ্ৰ মেদকে । প্ৰায় ডেৰ সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰা এই বিশাল ৰেলীয়ে সমগ্ৰ সোৱণশিৰি পঞ্চায়ত এলেকা পৰিভ্ৰমণ কৰি ৰাজনৈতিক স্বাধীনতা খৰ্বকাৰী এই সিদ্ধান্ত মানি নোলোৱাৰ হুংকাৰ দিয়ে।

অসম চৰকাৰ মুর্দাবাদ, নিৰ্বাচন আয়োগৰ অবিবেচকী সিদ্ধান্ত বাতিল কৰক, সোৱণশিৰীক ঢকুৱাখনা সমষ্টিত থাকিবলৈ দিয়ক, চক্ৰান্তকাৰী ৰাজনীতিক নৱ দলে-প্ৰদান বৰুৱা হুচিয়াৰ, সোৱণশিৰীবাসীৰ শত্ৰু বিধায়ক নৱ দলে গ বেক, ক্ৰুটিপূৰ্ণ ঢকুৱাখনা সমষ্টিৰ সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়া সংশোধন কৰক, নাওবৈছাৰ পৰিৱৰ্তে ঢকুৱাখনা সমষ্টিত অন্তৰ্ভুক্ত কৰক সোৱণশিৰীৰ ১৯ গাঁৱক আদি বিভিন্ন শ্লোগান দি ৰাজপথ আৰু গ্ৰামাঞ্চলত উত্তাল পৰিবেশৰ সৃষ্টি কৰে।

জাতীয় সংগঠনৰ কেন্দ্ৰীয় নেতৃত্ব খনিন্দ্ৰ মেদক, ভূপেন দলেৰ  লগতে জিলা নেতৃত্ব দীপেন দলে, সঞ্জীৱ দলে, অমৰজিত পেগু, অমৃত দলে আদিয়েও অংশগ্ৰহণ কৰে এই বাইক ৰেলীত। ডেৰ সহস্ৰাধিক জাতীয় সংগঠনৰ কৰ্মকৰ্তাৰ লগতে স্থানীয় পুৰুষ মহিলায়ো অংশগ্ৰহণ কৰা এই বিশাল ৰেলীয়ে সমগ্ৰ সোৱণশিৰী পঞ্চায়তখনৰ সকলো গ্ৰামাঞ্চল পৰিভ্রমণ কৰি এই হঠকাৰী সিদ্ধান্তৰ ঐক্যবদ্ধ প্ৰতিবাদ সাব্যস্ত কৰে ।

ঢকুৱাখনা বিধানসভা সমষ্টিত ভোটাধিকাৰ নাপালে নাওবৈছা বিধানসভা সমষ্টিত সোৱণশিৰীৰ ১৯খন গাঁৱৰ নাগৰিকে কোনো এটা নিৰ্বাচনত ভোটদান নকৰে বুলি স্পষ্টকৈ ৰাজহুৱা সিদ্ধান্ত ঘোষণা কৰি এই জনবিৰোধী কাণ্ডত বিধায়ক নৱ দলে আৰু সাংসদ প্ৰদান বৰুৱাই উচতনি দিয়া বুলি ৰাজহুৱা অভিযোগ উত্থাপন কৰি একেমুখে ধিক্কাৰ দিয়ে প্ৰতিবাদৰ নেতৃত্ববহন কৰা  মিচিং জাতীয় সংগঠনৰ জিলা আৰু কেন্দ্ৰীয় নেতৃবৰ্গই। সমগ্ৰ পঞ্চায়তখনত উত্তাল পৰিবেশ সৃষ্টি কৰাৰ পাছত চুমনি মেদক ৰাজহুৱা খেলপথাৰত এই বিশাল প্ৰতিবাদী কাৰ্যসূচীৰ সফল সামৰণি মাৰে।

সামৰণি কাৰ্যসূচীত বক্তব্য ৰাখি এম এম কেৰ কেন্দ্ৰীয় বিষয়ববীয়া খনিন্দ্ৰ মেদকে সোৱণশিৰীবাসীৰ এই নাৰ্য ৰাজনৈতিক অধিকাৰ সাব্যস্ত নকৰা পৰ্যন্ত ৰাইজৰ প্ৰতিবাদ স্তব্ধ নহয় বুলি সকীয়াই দি ৪টা বিধানসভা সমষ্টিৰ পৰিসীমা অতিক্ৰম কৰি নাওবৈছা সমষ্টিত ভোটাধিকাৰ দিয়াৰ পৰিৱৰ্তে সোৱণশিৰীৰ ৰাইজ প্ৰতিটো নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰাৰ পৰা বিৰত থাকিব বুলি জানিবলৈ দিয়ে।

ঢকুৱাখনা সমষ্টিৰ পৰা ১৯খন গাঁও কৰ্তন কৰি ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত ভাবে নাওবৈছা সমষ্টিত অন্তৰ্ভুক্ত কৰা এই কাণ্ডজ্ঞানহীন কাৰ্যত মুখ্য ভূমিকা গ্ৰহণ কৰা ৰাজনীতিকসকলক সকীয়নি দি ইয়াৰ যোগ্য প্ৰত্যুত্তৰ  সোৱণশিৰীবাসীয়ে অচিৰেই দিব বুলি কৈ জনসমৰ্থিত প্ৰতিবাদক সোৱণশিৰীবাসীৰ ৰাজনৈতিক অধিকাৰ  আৰু ৰাজনৈতিক অস্তিত্ব সুৰক্ষিত কৰাৰ গণতান্ত্ৰিক গণ সংগ্ৰাম আখ্যা দি অনাগত সময়তো প্ৰবঞ্চিত নাগৰিকৰ  সহযোগিতা আন্তৰিকতাৰে কামনা কৰে।

সোৱণশিৰিত নিৰ্বাচন আয়োগৰ সিদ্ধান্তৰ বিৰুদ্ধে বিশাল বাইক ৰেলী
বিশিষ্ট লেখক লম্বেশ্বৰ চেতিয়ালৈ প্ৰয়াত সাহিত্যিক সুশীল কুমাৰ গগৈ সোঁৱৰণী 'সাহিত্য বঁটা'

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in