''আজি মোৰ গান গাবলৈ মন নাই'' মঞ্চৰ পৰা নামি গ'ল সুৰাৰ ৰাগীত মাতাল জুবিন গাৰ্গ

পুনৰ বিতৰ্কত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ। বিভিন্ন সময়ত কণ্ঠশিল্পী গৰাকীয়ে কৰা মন্তব্য বা আচৰণৰ বাবেই বিতৰ্কত থকা দেখা যায়।

author-image
Asomiya Pratidin
New Update
হেপ্পী বাৰ্থ দে' হাৰ্টথ্ৰ'ব...

zubeen garg

ডিজিটেল ডেস্ক: পুনৰ বিতৰ্কত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ। বিভিন্ন সময়ত কণ্ঠশিল্পী গৰাকীয়ে কৰা মন্তব্য বা আচৰণৰ বাবেই বিতৰ্কত থকা দেখা যায়। এইবাৰ জুবিন গাৰ্গক বৰ্জন কৰাৰ দাবীত উত্তাল প্ৰতিবাদ।

Advertisment

মঙলবাৰে নিশা শিৱসাগৰত বৰ্ডিং খেলপথাৰত আছিল জুবিনৰ সংগীতানুষ্ঠান। মৰমৰ জুবিনক চাবলৈ লাখ লাখ অনুৰাগীৰ ভিৰ। ডেকা, বৃদ্ধাৰ পৰা আৰম্ভ কৰি সকলোৰে অপেক্ষা জুবিনক চাবলৈ।

গান গাবলৈ মঞ্চত উঠিল জুবিন। আৰম্ভ কৰিলে গান। কিন্তু দুই শাৰী গান গোৱাৰ পাছতেই মন নোযোৱা হ'ল জুবিনৰ। ক'লে- ''কেতিয়াবা কাৰোবাৰ গান গাবলৈ মন যায়, কেতিয়াবা মন নাযায়। আজি মোৰ মন নাই। বাই লাভ ইউ''। এনেকৈ কোৱাৰ পাছতেই মঞ্চৰ পৰা নামি গ'ল সুৰাৰ ৰাগীত মাতাল জুবিন গাৰ্গ।

লগে লগে হাহাকাৰ অনুৰাগীৰ মাজত। প্ৰতিবাদ কৰিলে একাংশই। জুবিন গাৰ্গক বৰ্জন কৰাৰ আহ্বান অনুৰাগীৰ। জুবিন গাৰ্গৰ এনে কাণ্ডৰ ফলত ক্ষুব্দ হৈ পৰিছে অনুৰাগী সকল। ঘটনাৰ পাছত বৰ্তমান পৰ্যন্ত জুবিন কোনো প্ৰতিক্ৰিয়া ব্য়ক্ত কৰা নাই।

Also Read: বৰ্বৰ! শাহুৱেকক হাত, ভৰি বান্ধি নৃশংসভাৱে হত্যা কৰিলে বোৱাৰীয়েকে

zubeen garg