বৰ্বৰ! শাহুৱেকক হাত, ভৰি বান্ধি নৃশংসভাৱে হত্যা কৰিলে বোৱাৰীয়েকে

ৰাজ্য জোকাৰি যোৱা বন্দনা কলিতাৰ ডাবল মাৰ্ডাৰ ঘটনাৰ চাঞ্চল্য মাৰ নাযাওঁতেই পুনৰ সংঘটিত হয় আন এক চাঞ্চল্যকৰ হত্যাকাণ্ড।
CRIME
CRIME

ডিজিটেল ডেস্ক: ৰাজ্য জোকাৰি যোৱা বন্দনা কলিতাৰ ডাবল মাৰ্ডাৰ ঘটনাৰ চাঞ্চল্য মাৰ নাযাওঁতেই পুনৰ সংঘটিত হয় আন এক চাঞ্চল্যকৰ হত্যাকাণ্ড। এইবাৰ বোৱাৰীৰ বৰ্বৰতাৰ বলি হ'ল বৃদ্ধা শাহুৱেক।

বৰপেটা জিলাৰ সৰুক্ষেত্ৰীৰ কমলাবাৰীত সংঘটিত হৈছে এই শোকাবহ ঘটনা। মঙলবাৰে শহুৰ চুবুৰ আলীক বোৱাৰী চালমাই পৰিকল্পিত ভাৱে ননদৰ ঘৰলৈ পঠাই দিয়ে। তাৰ পাছতে নিশা কোনো নথকাৰ সুযোগ লৈ শাহুৱেক জমেলা ভানুক হত্যা কৰে বোৱাৰী চালমা জাহান আহমেদে।

অভিযোগ মতে শাহুৱেকক প্ৰথমতে ভৰিত আৰু ডিঙিত ৰছীৰে বান্ধি লৈ এখন কম্বলেৰে মেৰিয়াই হেঁচি ধৰি হত্যাকাণ্ড সংঘটিত কৰে চালমাই। বুধবাৰে পুৱা পোহৰলৈ আহে এই ঘটনা।

হত্যাকাণ্ড সংঘটিত কৰা চালমাৰ স্বামী জেহেৰুল ইচলাম চি আৰ পি এফত কৰ্মৰত হৈ বাহিৰত আছে । আৰু ঘৰত কোনো নথকাৰ সুযোগ লৈ পাষাণ হৃদয়ৰ বোৱাৰীয়ে সংঘটিত কৰিলে এই বৰ্বৰ হত্যাকাণ্ড। এই খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি হয়। ইতিমধ্যেই ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী আৰু দণ্ডাধীশ।

CRIME
ধুবুৰীৰ গোলকগঞ্জত বিলাসী বাহনৰ পৰা জব্দ গৰু

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in