প্ৰাক্তন প্ৰেমিকৰে প্ৰেয়সীৰ সম্পৰ্ক থকাৰ বাবেই হত্যা ১৬ বছৰীয়া কিশোৰীক, নাই কোনো অনুশোচনা...

দিল্লীত শেহতীয়াকৈ সংঘটিত এক ঘটনাই জোকৰি গৈছে সমগ্ৰ দেশ । প্ৰেমিকে ২২বাৰকৈ চুৰীৰে হানি-খুচি হত্যা কৰে প্ৰেয়সীক ।
প্ৰাক্তন প্ৰেমিকৰে প্ৰেয়সীৰ সম্পৰ্ক থকাৰ বাবেই হত্যা ১৬ বছৰীয়া কিশোৰীক, নাই কোনো অনুশোচনা...

ডিজিটেল ডেস্কঃ দিল্লীত শেহতীয়াকৈ সংঘটিত এক ঘটনাই জোকৰি গৈছে সমগ্ৰ দেশ । প্ৰেমিকে ২২বাৰকৈ চুৰীৰে হানি-খুচি হত্যা কৰে প্ৰেয়সীক । দেওবাৰে সংঘটিত হোৱা এই নৃশংস ঘটনাৰ কথা আৰক্ষীৰ আগত স্বীকাৰ কৰিছে প্ৰেমিক চাহিলে । অভিযুক্ত প্ৰেমিক চাহিলে আৰক্ষীৰ জেৰাত ১৬ বছৰীয়া প্ৰেমিকাক হত্যা কৰি কোনোধৰণৰ অনুশোচনা নাই বুলি উল্লেখ কৰিছে ।

চাহিল নামৰ অভিযুক্তগৰাকীক সোমবাৰে আৰক্ষীয়ে উত্তৰ প্ৰদেশৰ পৰা গ্ৰেপ্তাৰ কৰে । চাহিলক ইতিমধ্যেই প্ৰেৰণ কৰা হৈছে ন্যায়িক জিম্মালৈ । চাহিলে আৰক্ষীৰ জেৰাত কয় যে, তিনিবছৰে সম্পৰ্কত আছিল দুয়োৱে । কিন্তু শেহতীয়াকৈ প্ৰেয়সীগৰাকীয়ে চাহিলক উপেক্ষা কৰি চলিছিল । আৰু প্ৰাক্তন প্ৰেমিকৰে সৈতে সম্পৰ্ক ৰক্ষা কৰাৰ বাবেই প্ৰেয়সীক হত্য়া কৰা বুলি উল্লেখ কৰে আৰক্ষীৰ জেৰাত ।

দেওবাৰে সন্ধিয়া প্ৰেয়সীয়ে বন্ধুৰ বাৰ্থদে পাৰ্টিলৈ গৈ থকাৰ সময়তে ৰাজপথতে আক্ৰমণ কৰে চাহিলে । আক্ৰমণৰ সময়ৰ সমগ্ৰ ঘটনা চি চি টি ভি কেমেৰাত বন্দী হৈছে । অভিযোগ অনুসৰি চাহিলে ঘটনা সংঘটিত কৰি চুৰী আৰু তেওঁৰ ফোনটো পেলাই দি বুলন্দচহৰলৈ এখন বাছত উঠি যায় । আৰু খুড়ীয়েকৰ ঘৰত গৈ লুকাই আছিল ।

এই নৃশংস হত্য়া ঘটনা ৰাজপথত বহুতো লোকৰ সন্মুখতে সংঘটিত হৈছিল । কিন্তু চিচিটিভিত বন্দী হোৱা দৃশ্যত এই ঘটনাক বাধা দিবলৈ কোনো প্ৰত্যক্ষদৰ্শী আগবাঢ়ি যোৱা পৰিলক্ষিত নহ'ল । তদুপৰি ঘটনাৰ বহু পিছতহে আৰক্ষীক খবৰ দিয়া হৈছিল । প্ৰায় ২৫ মিনিট মান সময় ধৰি মৃতদেহটো ঘটনাস্থলীতেই পৰি আছিল ।

প্ৰাক্তন প্ৰেমিকৰে প্ৰেয়সীৰ সম্পৰ্ক থকাৰ বাবেই হত্যা ১৬ বছৰীয়া কিশোৰীক, নাই কোনো অনুশোচনা...
ESIC হাস্পাতাললৈ আহিব বহিঃৰাজ্যৰ চিকিৎসকঃ ৰোগীয়ে বুজিব কি, বুজাব কি?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in