/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/6a62fd31-bd53-4d03-bc8f-d67940c05f76/tt.jpg)
ডিজিটেল সংবাদ, ঢাকাঃ বাংলাদেশৰ ৰাজধানী ঢাকাৰ বেইলী ৰোডৰ এটা বহুমহলীয়া অট্টালিকাত সংঘটিত অগ্নিকাণ্ডত কমেও ৪৩ জন লোক নিহত হৈছে। বাংলাদেশৰ স্বাস্থ্য মন্ত্ৰী ড০ সামান্তলাল সেনে এই তথ্য সদৰী কৰে।
বৃহস্পতিবাৰে নিশা ''কচ্চি ভাই ৰেষ্টুৰেণ্ট''ত এই জুইৰ সূত্ৰপাত হয়। অগ্নিকাণ্ডৰ পাছতে ঘটনাস্থলীত অগ্নিনিৰ্বাপন বাহিনী উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে। প্ৰায় ২-৩ ঘন্টাজোৰা প্ৰচেষ্টাৰ অন্তত জুই নুমুৱাবলৈ সক্ষম হয় অগ্নিনিৰ্বাপক বাহিনীয়ে।
বাংলাদেশৰ স্বাস্থ্য মন্ত্ৰীয়ে কয় যে, বাতৰিটো পোৱাৰ পিছত প্ৰধানমন্ত্ৰীৰ নিৰ্দেশমৰ্মে মই ইয়ালৈ আহিছিল। অতি ভয়ংকৰ আছিল পৰিস্থিতি। এতিয়ালৈকে প্ৰায় ৪৩ জনৰ মৃত্যু হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে, যিসকল জীয়াই আছে তেওঁলোকৰ অৱস্থা অতি গুৰুতৰ। বহুতৰে শ্বাসনলী জ্বলি গৈছে। এয়া বহু দুখজনক। আহতসকলক ঢাকা চিকিৎসা মহাবিদ্যালয় আৰু বাৰ্ণ ইনষ্টিটিউটত ভৰ্তি কৰোৱা হৈছে।
Also Read: বাৰনাসীৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব প্ৰধানমন্ত্ৰী মোডীয়ে...