আজানপীৰ দৰগাহত স্মৃতিগ্ৰন্থ “ স’ৰাগুৰিৰ আজান ” উন্মোচন

আজানপীৰ দৰগাহত স্মৃতিগ্ৰন্থ “ স’ৰাগুৰিৰ আজান ” উন্মোচন

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰ জিলাৰ দিখৌমুখৰ স’ৰাগুৰি চাপৰিত থকা আজানপীৰ দৰগাহত শনিবাৰৰ পৰা  দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত উৰুচ আৰু বাৰ্ষিক অধিৱেশন দেওবাৰে সন্ধিয়া সফলভাৱে সামৰণি পৰে ৷ এই অনুষ্ঠান উপলক্ষে দুয়োটা দিনতে আজানপীৰ দৰগাহ লোকে লোকাৰণ্য হৈ পৰে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অনেক জনগোষ্ঠীয় আৰু ধৰ্মাৱলম্বী লোকসকলে  আজান পীৰৰ দৰগাহত বন্তি প্ৰজ্বালনেৰে প্ৰাৰ্থনা জনায় ৷  আজানপীৰ দৰগাহ পৰিচালনা সমিতিৰ উদ্যোগত আয়োজিত  জিয়াৰৎ উপলক্ষে প্ৰথম দিনা জিকিৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় ।

দ্বিতীয় দিনা আজান পীৰ দৰগাহ পৰিচালনা সমিতিৰ সভাপতি তথা বিশিষ্ট অধিবক্তা হাৰুনল ৰচিদৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয় ৷ সভাত মুখ্যবক্তা হিচাপে অংশগ্ৰহণ কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক ড° সত্যকাম বৰঠাকুৰে নানা জনগোষ্ঠী আৰু ধৰ্মাৱলম্বী লোকৰ সমন্বিত প্ৰচেষ্টাত গঢ়লৈ উঠা বৰ অসমীয়া জাতীয়ে যুগে যুগে এই ভূখণ্ডৰ অখণ্ডতা ৰক্ষা কৰি অহাৰ কথা দোহাৰি কয় অসমীয়া অপৰাজেয় জাতিসত্ত্বা অপৰাজেয় কৰি ৰাখিব লাগিব ৷

তেওঁ লগতে কয় সকলো ধৰ্মৰ উপসনাই মানুহক পৰম সত্যৰ কাষ চপাই লৈ যায়৷ পৃথিৱীখন চলাই আছে এটা সত্বাই৷ কোনোবাই তাক ইশ্বৰ বুলি কয় কোনোবাই আল্লা,গড ইত্যাদি ইত্যাদি ৷ ইয়াৰ সকলোৰে মুল এটাই সেয়া হৈছে পৰম ব্ৰহ্ম পৰম সত্বা ৷ অসমৰ ইতিহাস প্ৰৱজনৰ ইতিহাস ৷ ত্ৰয়োদশ আৰু চতুৰ্দশ শতিকাৰ  সময়ছোৱাত প্ৰব্ৰজিত লোকসকলে নিজকে অসমীয়া বুলি পৰিচয় দিছে ৷ এই বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলেই গঠন কৰিছে অসমীয়া জাতি সত্বা ৷ গুৰুজনাৰ প্ৰিয় শিষ্য চান্দসাই ৰচনা কৰি গীত সমুহত হিন্দু আৰু ইছলামৰ সমাজৰ কথা প্ৰতিফলিত হৈছে ৷ পৰবৰ্ত্তী সময়ত গুৰু দুজনাৰ আদৰ্শেৰে আদৰ্শান্বিত হৈ আজান পীৰ চাহাবে ৰচনা কৰিছিল নজহা নপমা জিকিৰ আৰু জাৰি সমূহ ৷ একেদৰে দেহবিচাৰ গীত সমুহৰ লগত ইছলামিক গীত সমুহৰ এৰাব নোৱাৰা সম্পৰ্ক আছে৷ এই সম্পৰ্কই অসমীয়া জাতিসত্ত্বাক এক সুকীয়া পৰিচয় প্ৰদান কৰিছে৷ অসমত ইছলামিক গীতি পৰম্পৰাত গুৰু দুজনাৰ সমষ্ট আদৰ্শ প্ৰতিফলিত হৈছে ৷ মানুহে পৰম ব্ৰহ্ম লাভৰ বাবে যিদৰে ঈশ্বৰক প্ৰাৰ্থনা কৰে ইছলাম চুফিবাদী দৰ্শনত এই ঈশ্বৰ প্ৰপ্তিৰ নিদৰ্শন আছে বুলি তেওঁ মন্তব্য কৰে  ৷

মুকলি সভাখন আনুস্থানিকভাবে উদ্ধোধন কৰি কটন বিশ্ববিদ্যালয়ৰ  প্ৰাক্তন অধ্যাপক তথা বিশিষ্ট সাহিত্যিক ড° পইনুৰুদ্দিন আহমেদে উৰুচক দৰা নাইকীয়া বিয়াৰ দৰে এক বেদনাৰ অনুষ্ঠান বুলি মন্তব্য কৰে ৷ 

 উৰুচৰ লগত সংগতি ৰাখি এনামউদ্দিন আহমেদ আৰু খলিলুৰ ৰহমান হাজৰিকাৰ সম্পাদনাত যুগুতাই উলিওৱা '’স'ৰাগুৰিৰ আজান'’ নামৰ স্মৃতিগ্ৰন্থখন উন্মোচন কৰি গড়গাঁও মহিবদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট লেখক ড° সব্যসাচী মহন্তই কয় যে-“আজান পীৰৰ জীৱন চৰ্চাৰ সম্পৰ্কে গৱেষণা কৰিবৰ বাবে এই স’ৰাগুৰিৰ আজান নামৰ গ্ৰন্থখন এক উৎকৃষ্ট সমল হিচাপে পৰিগণিত হ’ব ৷ ড° মহন্তই কয় যে সপ্তদশ শতিকাত আবিৰ্ভাব ঘটা এই মহান পীজনাই গুৰু দুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ জিকিৰ আৰু জাৰি ৰচনা কৰি সমাজত ঐক্য শান্তিৰ বাণী বিলাইছিল ৷ তেওঁ ঈশ্বৰৰ নামত আল্লাৰ নামত একাত্ম হৈ সমন্বয়ৰ বিলাবলৈ মানুহক অনুৰোধ কৰিছিল ৷ দুৰ্ভাগ্যজনক কথা এয়ে যে আজিৰ তাৰিখত শিক্ষিতৰ হাৰ ৮৫% অতিক্ৰম কৰাৰ পিছতো ধৰ্মৰ নামত সমাজখন ভাগ ভাগ হোৱা কাৰ্যই  এইসকল পণ্ডিত প্ৰবৰৰ আদৰ্শ একাত্মবাদ আৰু আধ্যাত্মিক দৰ্শন আমি প্ৰতিষ্ঠা কৰিব পৰা নাই ৷

নৱনীত হাজৰিকাই আঁত ধৰা সভাত “ স’ৰাগুৰিৰ আজান”ৰ সম্পাদক এনামউদ্দিন আহমেদে একাংশ লোকে ইচ্ছাকৃত তথা কৌশলপূৰ্ণ ভাৱে আজান পীৰ সম্পৰ্কে ভুৱা তথ্যৰে সমাজত বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ প্ৰসংগ উল্লেখ কৰে ৷

দৰগাহ পৰিচালনা সমিতিৰ  সভাপতি আলহাজ হাৰুনল ৰচিদে আদৰণি ভাষণত নতুন পৰিচালনা সমিতিয়ে দৰগাহৰ বাবে সাত বিঘা মাটি ক্ৰয় কৰাৰ কথা ব্যক্ত কৰে ৷ জিকিৰ গৱেষণা সমিতি গঠন কৰাৰ লগতে জিকিৰৰ কৰ্মশালাও সম্পন্ন কৰা বুলি মন্তব্য কৰে ৷

সভাত পৰিচালনা সমিতিৰ সম্পাদক নৱাব মোস্তাকিম আলীয়ে সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে ৷ তেওঁ হাতত লোৱা উন্নয়নমূলক কামকাজৰ আভাস দিয়ে । এই সভাতে বৰ্ষীয়ান জিকিৰ শিল্পী বলিয়াঘাটৰ মঃ ৰফিক আহমদ,গোলাঘাট নাহৰণিৰ মঃ বদৰুদ্দিন আহমদ,শিৱসাগৰৰ মঃমোস্তাফা আলী, মঃনিজামুদ্দিন আহমদ আৰু মঃআজিমুদ্দিন আহমদক সম্বৰ্ধনা পত্ৰ গামোছা আৰু চেলেঙেৰে সম্মৰ্দ্ধনা জনোৱা হয় ৷  

অনুস্থানটিত বিশিষ্ট শিক্ষাবিদ তথা জিকিৰ গবেষণা কেন্দ্ৰৰ সম্পাদক চৈয়দ হকিকুৰ ৰহমান,স্বেচ্ছাসেৱী অনুস্থান ঐক্য ৰ সভাপতি ধনঞ্জয় শইকীয়া, লেখক নবীন বুঢ়াগোঁহাই,উপদেষ্টা মঃজাকিৰুল হুছেইন, চন্দ্ৰেশ্বৰ দাসকে ধৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে ৷

এই সভাতে  জিকিৰ প্ৰতিযোগিতাৰ স্থান প্ৰাপ্ত সকলক পুৰস্কাৰ প্ৰদান কৰা হয় ৷ অনুষ্ঠানত শিৱসাগৰ প্ৰেছ ক্লাবৰ সম্পাদক খলিলুৰ ৰহমান হাজৰিকা, খাইৰুদ্দিন আহমেদ, বিতুল আলী, চাজিদুল , বুবুল দত্তকে আদিকৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে ৷

আজানপীৰ দৰগাহত স্মৃতিগ্ৰন্থ “ স’ৰাগুৰিৰ আজান ” উন্মোচন
নগাঁৱত এ.এন ২ কেব সেৱা মুকলি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in