নগাঁৱত এ.এন ২ কেব সেৱা মুকলি

২৪ঘন্টীয়া কেব সেৱাই নগাঁও বাসীৰ যাতায়তৰ ক্ষেত্ৰত বহু সমস্যাৰ লাঘৱ কৰিব ৷
নগাঁৱত এ.এন ২ কেব সেৱা মুকলি

ডিজিটেল সংবাদ,বেবেজীয়াঃ নগাঁও চহৰত বহু ক্ষেত্ৰত দেখিবলৈ পোবা যায় সন্ধিয়া ৭বজাৰ পাছত চহৰে নগৰে বা ইয়াৰ পাৰ্শ্বৱতী অঞ্চললৈ যাবলৈ যাতায়তৰ ক্ষেত্ৰত বহু সমস্যাত পৰে একাংশ লোক যুৱক-যুৱতীৰ লগতে মহিলা সকল । যাৰ বাবে বহু সময়ত তেওঁলোকে কৰ্মস্থলীৰ পৰাই হওঁক বা বজাৰ সমাৰৰ পৰাই হওঁক, আন কোনো অঞ্চলৰ পৰা নগাঁও চহৰত উপস্থিত হোৱা যাত্ৰী সকল সমস্যাৰ সন্মুখীন হোৱা পৰিলক্ষিত হয়। সন্ধিয়া ৭বজাৰ ঠিক পাছত নিজা গৃহলৈ ঘূৰি যাবলৈ বা চহৰৰ পাৰ্শ্বৱতী অঞ্চললৈ হওঁক বা চহৰৰ পৰা ২০-২৫-৩০ কিলোমিটাৰ দুৰৰ গন্তব্যস্থানলৈ যাবলৈ হোৱা সমস্যা সমূহ লাঘৱ হোৱাৰ মানসেৰে নগাঁও চহৰত মুকলি কৰা হৈছে এটি ব্যক্তিগত খণ্ডৰ কেব সেৱা ।

সোমবাৰে পুৱা নগাঁৱৰ আমোলাপট্টিত অৱস্থিত কাৰ্যালয়ত এ.এন ২ কেব সেৱাৰ আনুষ্ঠানিকভাৱে মুকলি কৰে প্ৰতিষ্ঠিত যুৱ ব্যৱসায়ী,যুৱ নেতা উৎপল বনিয়াই । কেব সেৱা মুকলি কৰি তেওঁ নিজৰ ভাষণ প্ৰসংগত কয় যে নগাঁৱত পোনপ্ৰথম বাৰৰ বাবে আৰম্ভ হোৱা এই এ.এন ২ কেব সেৱা মুকলিৰ জৰিয়তে নগাঁৱৰ শিক্ষিত যুৱ যুৱতী সকল উপকৃত হোৱাৰ লগতে পৰ্যটন ক্ষেত্ৰতো এই কেব সেৱাই এক বিশেষ ভুমিকা গ্ৰহণ কৰিব ৷ নগাঁৱৰ বটদ্ৰৱা-মৃত্যুঞ্জয় মন্দিৰ, বসুন্ধৰী থান , বাদুলী খুৰুং আদি ঐতিহাসিক পৰ্যটনস্থলী সমূহ দৰ্শনৰ বাবে এই কেব সেৱাই নতুন মাত্ৰা প্ৰদান কৰিব ।

আজিৰ কেব সেৱাৰ আৰম্ভণিতে এক মাণ্ডলীক কাৰ্যসূচী সম্পন্ন কৰা হয়। এই কেব সেৱা মুকলি অনুষ্ঠানত উপস্থিত থাকে নগাঁৱৰ বিশিষ্ট সমাজ সেৱক দেৱেন্দ্ৰ সিং,প্ৰতিষ্ঠিত ব্যৱসায়ী জোন ৰাজখোৱা,অভিযন্তা পিংকু মজুমদাৰ,যুৱ ব্যৱসায়ী নানু দাস,এ.এন ২ কেব সেৱাৰ মুখ্য পৰিচালক দিব্যজ্যোতি ফুকন ৷ সাংস্কৃতিক কৰ্মী তীৰ্থ বৰাই সামগ্ৰীকভাৱে আতঁধৰা অনুষ্ঠানটিত উপস্থিত বিশিষ্ট ব্যক্তি সকলে এ.এন ২ কেব সেৱাই অনাগত দিনত নগাঁওবাসী ৰাইজৰ যাত্ৰায়তৰ ক্ষেত্ৰত বহু অভাৱ দুৰ কৰিব বুলি ব্যক্ত কৰে ৷

ব্যক্তিগত খণ্ডৰ কেব সেৱা মুকলিৰ লগে লগে যি সকল লোকৰ নিজা বাহন নাই বা নিজা বাহন নথকা বহু অসহায় মহিলা-যুৱতী তথা পুৰুষ-যুৱকৰ যাতায়তৰ পথ সুচল হৈ পৰিব বুলি আশা কৰিছে । যাতায়তৰ বাবে এতিয়াৰে পৰা যিকোনো লোকেই তেওঁৰ মোৱাইলৰ গুগল প্লেষ্ট’ৰত এই এ.এন ২ কেব সেৱাৰ এপটো ডাউনলোড্ কৰি যিকোনো মুহুৰ্ততে যিকোনো স্থানৰ পৰা এই কেব সেৱাৰ সুবিধা গ্ৰহণ কৰিব পাৰিব ৷ ইয়াৰ বাবে যাত্ৰী সকলে চৰকাৰী নিৰিখত যি পৰিমানৰ বিল কেব সেৱাৰ ৰিৰ্ডাৰ মিটাৰত উঠিব সেই পৰিমানৰ বিলহে পৰিশোধ কৰিব লাগিব ৷ বহু উন্নত প্ৰযুক্তিৰ সহায়ত এই কেব সেৱাৰ সুবিধা প্ৰদান কৰিবলৈ এ.এন২ কেব সেৱাৰ বিষয়ববীয়া সকল বদ্ধপৰিকৰ বুলি উল্লেখ কৰে ৷

ইয়াৰ সমান্তৰালভাৱে বহু নিবনুৱা যুৱক-যুৱতী এই কেব সেৱাৰ লগত জৰিত হৈ নিবনুৱা সমস্যা লাঘৱ কৰিব পৰা যাব বুলি উল্লেখ কৰে। বৰ্তমান নগাঁও চহৰত দুচকীয়া বাইক, স্কুটি আৰু তিনিচকীয়া অ’ট বাহনৰ এই কেব সেৱা উপলব্ধ যদিও অনাগত দিনত যাত্ৰী সকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অতি শীৰ্ঘে চাৰিচকীয়া বাহনৰো কেব সেৱাৰ সুবিধা সমূহ প্ৰদান কৰা হ'ব বুলি এ.এন২ কেব সেৱাৰ নগাঁও কাৰ্যালয়ৰ বিষয়ববীয়া আমিনুল ৰহমানে সংবাদ মাধ্যমৰ আগত জানিব দিছে । নগাঁৱৰ আগ্ৰহী লোক সকলে এ.এন২ কেৱ্ সেৱাৰ কাৰ্যালয়ৰ ফোন নম্বৰ ০৩৬১-৭৯৬১০০৪/ ৭৬৩৭৯-৫৬৬৬৬ ত যোগযোগ কৰি এই কেব সেৱাৰ সুবিধা গ্ৰহণ কৰিব পাৰিব বুলি জানিব পৰা গৈছে। দিনযোৰা কাৰ্যসূচীৰে আয়োজিত এই কেব সেৱা মুকলি অনুষ্ঠানত বহুকেইটা সাংস্কৃতিক অনুষ্ঠানৰে সন্ধিয়ালৈ সফল সামৰণি পৰে ৷

নগাঁৱত এ.এন ২ কেব সেৱা মুকলি
বুদ্ধিজীৱি নহয়, গাওঁৰ ঘৰত কাম কৰা মহিলাক সুধি বিজেপিত যোগ দিলে কমল কুমাৰ মেধিয়ে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in