শিৱসাগৰত আকৌ অনা অসমীয়াৰ আক্ৰমণ বলি থলুৱাঃ পুনৰ তীব্ৰ উত্তেজনা... 

শ শ প্ৰতিবাদী লোকে ঘেৰাও কৰিলে আৰক্ষী থানা
শিৱসাগৰত আকৌ অনা অসমীয়াৰ আক্ৰমণ বলি থলুৱাঃ পুনৰ তীব্ৰ উত্তেজনা... 
শিৱসাগৰত আকৌ অনা অসমীয়াৰ আক্ৰমণ বলি থলুৱাঃ পুনৰ তীব্ৰ উত্তেজনা... 
Published on
Updated on

ডিজিটেল সংবাদ শিৱসাগৰঃ বাবুলাল ৰাথী আৰু ৰোহীত ৰাথী নামৰ বহিৰাগত পাইকাৰী সামগ্ৰী বিক্ৰী প্ৰতিস্থানৰ দুই স্বত্বাধিকাৰীৰ হাতত আজি প্ৰহৃত হ’ল এজন অসমীয়া যুৱক ৷ এই ঘটনাই শিৱসাগৰত নিশা তুমূল উত্তেজনাৰ সৃষ্টি কৰিছে ৷

ই-ৰিস্কাৰ পৰা সামগ্ৰী নমোৱাক লৈ হোৱা বিতৰ্কৰ পিছতেই দুই স্বত্বাধিকাৰীয়ে কলিয়া বড়া নামৰ যুৱক জনক দলবদ্ধভাৱে আক্ৰমণ কৰে ৷ এই ঘটনাৰ পিছতেই সমগ্ৰ চহৰখনতেই সৃষ্টি হয় এই উত্তেজনাময় পৰিবেশৰ ৷ 

ঘটনাৰ খবৰ পায়েই সহস্ৰাধিক উত্তেজিত ৰাইজে মাৰোৱাৰী পট্টীৰ উক্ত আক্ৰমণকাৰীৰ ব্যৱসায়ীৰ প্ৰতিস্থান ঘেৰাও কৰি পৰিৱেশ উত্তপ্ত কৰি তুলে ৷ ই-ৰিস্কাৰ ভাড়াক কেন্দ্ৰ কৰি হোৱা তৰ্কাতৰ্কীৰ পিছতেই বাবুলাল ৰাথী আৰু তেওঁৰ পুত্ৰ ৰোহিত ৰাথীয়ে থলুৱা যুৱকজনক ৰডেৰে আক্ৰমণ কৰে ৷ মুখত ঘোচা মৰাৰ সময়ত দুগৰাকী  বিহাৰী সম্প্ৰদায়ৰ ব্যক্তিয়ে কলিয়া বড়াক দুইহাত ধৰি ৰাখিছিল ৷

পাছত ঘটনাস্থলীৰ পৰা প্ৰায় ডেৰশ মিটাৰ নিলগতেই থকা পৰিয়ালৰ লোকসকল উপস্থিত হৈ বণিয়াৰ গুণ্ডাবাহিনীৰ হাতৰ পৰা যুৱকজনক উদ্ধাৰ কৰে ৷ যোৱা ১৩ আগষ্টত অনা অসমীয়াই শিৱসাগৰ চহৰত এগৰাকী কিশোৰীক আক্ৰমণ কৰাৰ পিছত সমগ্ৰ শিৱসাগৰ উত্তপ্ত হৈ পৰিছিল ৷

অনা অসমীয়াই উক্ত ঘটনাৰ বাবে আঠুকাঢ়ি ৰাজহুৱা ভাৱে ক্ষমা বিচাৰিছিল ৷ উক্ত ঘটনাৰ পিছত পুনৰ অনা অসমীয়াই থলুৱাৰ ওপৰত  আক্ৰমণ চলোৱাত জনসাধাৰণ ক্ষুন্ন হৈ পৰে ৷ এই ঘটনাৰ  খবৰ লাভ কৰাৰ লগে লগেই  ভালেকেইটা সংগঠনৰ কৰ্মকতা ঘটনাস্থলীত উপস্থিত হৈ দোষীক কঠোৰ শাস্তি আৰু ব্যৱসায়ীক প্ৰতিস্থান চিৰদিনৰ বাবে বন্ধৰ দাবী তোলে ৷

জাতীয় সংগ্ৰামী সেনা অসমৰ সভাপতি চিতু বৰুৱাই দ্বিতীয় বাৰৰ এই আক্ৰমণৰ ঘটনাক কোনো কাৰণতেই সহ্য কৰা নহ’ব বুলি স্পষ্ট কৰি দিয়ে ৷ এই আক্ৰমণৰ ঘটনাৰ বাবে পূৰ্বতকৈ ভয়ংকৰ প্ৰতিবাদ হ’ব বুলি তেওঁ স্পষ্ট কৰি দিয়াৰ লগতে চৰকাৰ প্ৰশাসনে এইয়াই অসমীয়াৰ ওপৰত হোৱা শেষ আক্ৰমণ বুলি নিশ্চয়তা প্ৰদান কৰিবলৈ দাবী জনায় ৷

আনহাতে অনুসূচিত জাতি ছাত্ৰ সন্থা, সদৌ তাই আহোম ছাত্ৰ সন্থা, আহোম জাতীয় গণ মঞ্চ, উজনি অসম মুছলিম কল্যাণ পৰিষদ, মৰিয়া ছাত্ৰ সন্থাই এই কাৰ্য্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে অনতি পলমে আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰি জে'ল হাজোতলৈ প্ৰেৰণ কৰাৰ দাবী জনায়। সংগঠন কেইটাই কোনো কাৰণতেই এই ঘটনাক সহজ ভাৱে লোৱা নহ’ব আৰু ইয়াৰ বিৰুদ্ধে প্ৰৱল প্ৰতিৰোধী আন্দোলন গঢ়ি তুলাৰ হুংকাৰ প্ৰদান কৰে ৷ 

ঘটনাৰ পিছতেই জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাই ৷ তদুপৰি  তিনিগৰাকীকৈ শীৰ্ষ আৰক্ষী বিষয়াসহ প্ৰায় আঠ গৰাকী বিষয়াৰ নেতৃত্বত বিশাল আৰক্ষী বাহিনী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলোৱাৰ লগতেই সমীপতেই আত্মগোপন কৰি থকা আক্ৰমণকাৰী ৰোহিত ৰাথীক আটক কৰি থানালৈ নিয়ে৷ ইয়াৰ পিছতেই পুনৰ শ শ লোকে সদৰ আৰক্ষী থানাৰ সন্মুখত অৱস্থান কৰি পৰিস্থিতি উত্তপ্ত কৰে ৷

শিৱসাগৰত আকৌ অনা অসমীয়াৰ আক্ৰমণ বলি থলুৱাঃ পুনৰ তীব্ৰ উত্তেজনা... 
প্ৰাক্তন আছু নেতা ইনামূল হকৰ বিয়োগত ধুবুৰীত শোকৰ ছাঁ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in