প্ৰাক্তন আছু নেতা ইনামূল হকৰ বিয়োগত ধুবুৰীত শোকৰ ছাঁ...

বিভিন্ন দল, সংগঠন, ৰাইজৰ শোক প্ৰকাশ
প্ৰাক্তন আছু নেতা ইনামূল হকৰ বিয়োগত ধুবুৰীত শোকৰ ছাঁ...
প্ৰাক্তন আছু নেতা ইনামূল হকৰ বিয়োগত ধুবুৰীত শোকৰ ছাঁ...
Published on
Updated on

ডিজিটেল সংবাদ ধুবুৰীঃ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন মুখ্য সাংগঠনিক সম্পাদক, বিশিষ্ট অধিবক্তা, সদৌ দেশী জনগোষ্ঠী জাতীয় সংসদৰ সভাপতি ইনামূল হক আৰু নাই। আজি পুৱা প্ৰায় ৭.৩০ বজাত ধুবুৰী মেডিকেল কলেজ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাতে আছুৰ প্ৰাক্তন নেতাগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।

মৃত্যুৰ সময়ত তেঁওৰ বয়স হৈছিল প্ৰায় ৫৫ বছৰ। জাতীয়তাবোধ আৰু থলুৱা খিলঞ্জীয়াৰ ক্ষেত্ৰত কোনোপধ্যেই আপোচ নকৰা পশ্চিম অসমৰ এইগৰাকী বলিষ্ঠ নেতাৰ দেহাৱসানে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে। অবিভক্ত ধুবুৰী জিলাৰ দক্ষিণশালমাৰা নিবাসী প্ৰয়াত আলহাজ ইমদাদুল হক আৰু প্ৰয়াত হামিদা বেগমৰ পুত্ৰ আবু আদিল মোহম্মদ ইনামূল হক স্কুলীয়া ছাত্ৰ অৱস্থাৰ পৰাই অসম আন্দোলনৰ সক্ৰিয় কৰ্মী আছিল।

১৯৯০ চনত সদৌ ধুবুৰী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পদত তেঁও অধিষ্ঠিত হৈছিল। ১৯৯৪ চনত তেঁও সদৌ ধুবুৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি হৈছিল। ১৯৯৬ চনত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক হিচাপে ইনামূল হকে দায়িত্বভাৰ লাভ কৰিছিল।

২০০৫ চনত সদৌ অসম ছাত্ৰ সন্থাৰ আন্ত:ৰাষ্ট্ৰীয় মুখ্য সীমা সমন্বয়কৰ দায়িত্ব গ্ৰহণ কৰিছিল। অসম তথা অসমীয়াৰ স্বাৰ্থত গোটেই জীৱন মাত মাতি অহা ইনামূল হকে পৰৱৰ্তীত অসমৰ দেশী খিলঞ্জীয়া মুছলমান লোকসকলৰ অধিকাৰ সুনিশ্চিত কৰাৰ লক্ষ্যৰে সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদ নামেৰে এখন অ-ৰাজনৈতিক সংগঠন খুলি সেই সংসদৰ সভাপতি হিচাপে মৃত্যুৰ আগ পৰ্যন্ত কাৰ্য নিৰ্বাহ কৰি গৈছিল।

সামাজিক, সাংস্কৃতিক আদি বিভিন্ন ক্ষেত্ৰত উল্লেখনীয় অৱদান আগৱঢ়াই দি যোৱা ইনামূল হকে 'আজিৰ নীলকণ্ঠ' (কবিতা সংকলন), 'অসমত ভাৰত-বাংলাদেশ সীমান্তৰ সংক্ষিপ্ত দস্তাবেজ' আৰু 'অসমৰ প্ৰব্ৰজন আৰু ভূমি নীতি' নামৰ তিনিখন কৈ কিতাপো তেঁও নিজে প্ৰকাশ কৰি উলিয়াইছিল। উল্লেখযোগ্য যে, সদৌ অসম ছাত্ৰ সন্থাত কৰ্মৰত হৈ থাকোঁতে ইনামূল হকে অসমৰ বাবে কাম কৰি যাবলৈ তেঁওৰ প্ৰবল ইচ্ছা আছিল আৰু প্ৰতিটো কামেই তেওঁ নিষ্ঠা সহকাৰে পালন কৰিছিল।

যাৰ বাবে তেওঁ ছাত্ৰ সন্থাৰ বিভিন্ন পদবীত দায়িত্ব গ্ৰহণ কৰাৰ উপৰিও সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰত-বাংলাদেশ আন্ত:ৰাষ্ট্ৰীয় সীমান্ত সম্পৰ্কীয় সমিতিৰ মুখ্য সমন্বয়ক হিচাপে দক্ষতাৰে নিজৰ দায়িত্ব পালন কৰিছিল। ইপিনে আজি প্ৰাক্তন ছাত্ৰ নেতাগৰাকীৰ মৃত্যুৰ খবৰে ধুবুৰীত এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰে।

আজি পুৱাৰে পৰা প্ৰয়াত ইনামূল হকৰ ধুবুৰীৰ ঝগৰাৰপাৰস্থিত বাসগৃহত গুণমুগ্ধ ৰাইজৰ লানি নিছিগা সোঁত ব'বলৈ ধৰে। সকলোৱে তেঁওলোকৰ অতি প্ৰিয় নেতাগৰাকীৰ নশ্বৰ দেহত অশ্ৰুসিক্ত নয়নেৰে শেষ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।

মৃত্যুৰ সময়ত ইনামূল হকে পত্নী, এজন পুত্ৰ সন্তানৰ লগতে অলেখ আত্মীয় স্বজন, গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়। আজি বিয়লি প্ৰায় ৩ বজাত স্থানীয় ঝগৰাৰপাৰ মাদ্ৰাছাৰ চৌহদত থকা কবৰস্থানত অগণন লোকৰ উপস্থিতিত তেওঁৰ জানাজা সম্পন্ন কৰা হয়।

ইপিনে আজি দিনৰ ১১.৩০ বজাত ধুবুৰী অধিবক্তা সন্থাৰ কাৰ্যালয় কক্ষত ধুবুৰী অধিবক্তা সন্থাৰ সভাপতি এন আই চৌধুৰীৰ পৌৰহিত্যত ছাত্ৰ নেতা তথা অধিবক্তা ইনামূল হকৰ মৃত্যুত এখনি শোকসভাৰ আয়োজন কৰা হয়। উক্ত সভাত ধুবুৰী অধিবক্তা সন্থাই ২ মিনিট মৌনতা অৱলম্বন কৰি মৃতকৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে গভীৰ শ্ৰদ্ধাঞ্জলী নিবেদন কৰি পৰিয়ালৰ লোকলৈ সমবেদনা জ্ঞাপন কৰে।

আনপিনে সদৌ ধুবুৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি বাবু জিতু ৰায়, সাধাৰণ সম্পাদক ৰূপক ৰায় বেপাৰী, অসম সেনাৰ ধুবুৰী জিলাৰ মুখ্য আহ্বায়ক পুলকেশ ৰায় বেপাৰী, ধুবুৰী জিলা উন্নতি সভাৰ সভাপতি ফয়জাল সেখ আৰু সাধাৰণ সম্পাদক জগদ্বিন্দু ৰায়, সদৌ অসম দেশী জনগোষ্ঠীয় জাতীয় সংসদ, ধুুবুৰী জিলা বাৰ্তাজীৱী সংঘকে ধৰি বিভিন্ন দল-সংগঠনে প্ৰাক্তন ছাত্ৰ নেতাগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে মৃতকৰ পৰিয়াল লৈ সমবেদনা জ্ঞাপন কৰে।

ইনামূল হকৰ মৃত্যুত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মাই অসম আন্দোলনৰ এগৰাকী সতীৰ্থ তথা জাতীয় জীৱনৰ সেৱক ইনামূল হকৰ বিয়োগত অসম সাহিত্য সভাৰ তৰফৰপৰা গভীৰ শোক নিবেদন কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে বুলি উল্লেখ কৰে। আনপিনে ইনামূল হকৰ মৃত্যুত ধুবুৰীৰ প্ৰাক্তন জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে।

বৰ্তমান তিনিচুকীয়াত কৰ্মৰত বিষয়াজনে এটা বাৰ্তাত কয় যে, ইনামূল হক আছিল সঁচা অৰ্থত এগৰাকী জাতীয়তাবাদী নেতা, যিয়ে ছাত্ৰাৱস্থাৰ পৰাই ধুবুৰী তথা অবিভক্ত গোৱালপাৰা জিলাৰ আৰ্থ সামাজিক উন্নয়নৰ সমান্তৰাল ভাবে দেশী জনগোষ্ঠীৰ আত্ম প্ৰতিষ্ঠাৰ সংগ্ৰামত অহৰহ নিয়োজিত হৈ আছিল। তেওঁ প্ৰকাশ কৰা গ্ৰন্থৰে নিজৰ সমাজ চেতনা, গভীৰ অধ্যয়নশীলতা আৰু আন্তৰিক সদিচ্ছাৰ পৰিচয় দাঙি ধৰিছিল। তেওঁৰ অকাল মৃত্যু নিশ্চিত ভাৱে সমাজৰ এক বৃহৎ ক্ষতি বুলি উল্লেখ কৰে।

প্ৰাক্তন আছু নেতা ইনামূল হকৰ বিয়োগত ধুবুৰীত শোকৰ ছাঁ...
ছাব-জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাত জয়ৰ হেটট্ৰিকেৰে গ্ৰুপৰ শীৰ্ষত অসম

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in