/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/67806a0c-4e20-4935-b428-337dae0159d1/2.jpg)
ডিজিটেল সংবাদ, চৰাইদেউঃ চৰাইদেউ পৰ্যটন ভৱন দেওবাৰে এক সংবাদমেল সম্বোধন কৰি সৰৱ হৈ পৰে টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপা। আহোম জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ নামত চৰকাৰে কৰা প্ৰবঞ্চনা, চূড়ান্ত প্ৰতাৰণাত ক্ষুণ্ণ হৈ পৰিছে টাই আহোম যুৱ পৰিষদ।
জনজাতিকৰণৰ মৰ্যাদা নাপালে ৰাজনৈতিক দল গঠন কৰা হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে৷ সংবাদমেল সম্বোধন কৰি সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি দিগন্ত তামুলীয়ে আহোম জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত বিজেপি চৰকাৰে কৰা বঞ্চনাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংবাদমেলখনত কয় যে, নিৰ্বাচনৰ পূৰ্বে আহোম জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰিলে অতি শীঘ্ৰেই এটা নতুন ৰাজনৈতিক দল গঠন কৰা হ'ব।
Also Read: সংবাদ মাধ্যমৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰি সাংবাদিকৰ ৰোষত ৰমাকান্ত দেউৰী