বিজেপিৰ প্ৰতিশ্ৰুতি আৰু প্ৰতাৰণাত ক্ষুদ্ধ টাইপাঃ শিৱসাগৰত টাইপাৰ প্ৰতিবাদ

জনজাতিকৰণৰ নামত বিজেপিয়ে প্ৰৱঞ্চনা কৰাৰ অভিযোগ
বিজেপিৰ প্ৰতিশ্ৰুতি আৰু প্ৰতাৰণাত ক্ষুদ্ধ টাইপাঃ শিৱসাগৰত টাইপাৰ প্ৰতিবাদ
বিজেপিৰ প্ৰতিশ্ৰুতি আৰু প্ৰতাৰণাত ক্ষুদ্ধ টাইপাঃ শিৱসাগৰত টাইপাৰ প্ৰতিবাদ

ডিজিটেল সংবাদ শিৱসাগৰঃ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত অসমৰ ছয় জনগোষ্ঠীৰ জনজাতি বিষয়টো পুনৰ চৰ্চালৈ আহিছে। শাসক বিজেপি চৰকাৰখনে জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ ক্ষেত্ৰত বাৰে বাৰে প্ৰতাৰণা আৰু বিলম্ব কৰাৰ প্রতিবাদত আজি শিৱসাগৰত টাই আহোম যুৱ পৰিষদৰ বহু সংখ্যক কৰ্মীয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি শাসক চৰকাৰখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

টাই আহোম যুৱ পৰিষদৰ, অসম চমুকৈ ‘টাইপা’ৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত তিনিচুকীয়া, শদিয়া, নাহৰকটীয়া, সোণাৰি, লখিমপুৰ, ধেমাজী, বিশ্বনাথ, গুৱাহাটীকে আদি কৰি বিভিন্ন স্থানত ৰূপায়ণ কৰা ধৰ্মঘটৰ কাৰ্যসূচীৰ অংশ হিচাপে শিৱসাগৰ চহৰৰ দ'লমুখ চাৰিআলিত শিৱসাগৰ জিলা সমিতিয়ে এই বৃহৎ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দিগন্ত তামুলীয়ে প্ৰকাশ কৰে যে, ২০১৪ চনৰ লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে সেই সময়ৰ বিজেপিৰ প্রক্ষেপিত প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোডীয়ে অসমলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে আহোঁতে কেন্দ্ৰত বিজেপিয়ে চৰকাৰ গঠন কৰিলে ইয়াৰ ৬ মাহৰ ভিতৰত টাই আহোম, মৰাণ, মটক, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীক জনজাতিকৰণ তেওঁলোকৰ চৰকাৰে প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।

নৰেন্দ্ৰ মোদীৰ এই প্ৰতিশ্ৰুতিৰ বাবেই অসমৰ এই ছয় জনগোষ্ঠীৰ লোকৰ সিংহভাগ ভোট বিজেপিয়ে লাভ কৰি ৭ টাকৈ লোকসভা সমষ্টি লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ পিছত নৰেন্দ্ৰ মোদীৰ চৰকাৰে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল এই প্ৰতিশ্ৰুতিক বাস্তৱ ৰূপ দিয়াৰ বিপৰীতে বিভিন্ন অজুহাত দেখুৱাই ২০১৯ৰ লোকসভা নিৰ্বাচন পোৱালে।

পুনৰ এই বিজেপি দল আৰু চৰকাৰে পূৰ্বৰ প্ৰতিশ্ৰুতিত কিছু সালসলনি কৰি জনজাতিকৰণৰ এক নতুন টোপ ছয় জনগোষ্ঠীৰ আগত দিলেহি। এইবাৰো অসমৰ এই ছয় জনগোষ্ঠীৰ লোকে পূৰ্বৰ প্ৰতিশ্ৰুতিক পৰিহাৰ কৰি নতুন প্ৰতিশ্ৰুতিৰ শলাগ লৈ বিজেপিক সমৰ্থন কৰিছিল। কিন্তু দুৰ্ভাগ্যজনক বিষয় যে এইবাৰো বিজেপিয়ে প্ৰতিশ্ৰুতিৰ নামত অসমৰ ছয় জনগোষ্ঠীৰ আৱেগ অনুভূতিৰ সৈতে খেলা কৰিলে।

আজিও জনজাতিকৰণৰ বিষয়টো কেন্দ্ৰত ওলমি থাকিল বুলি সভাপতিগৰাকীয়ে প্ৰকাশ কৰে। ইয়াৰ লগতে তেওঁ কয় যে, অসমৰ ছয় জনগোষ্ঠীৰ আৱেগৰ সৈতে জড়িত জনজাতিকৰণৰ বিষয়টোক লৈ বিজেপিয়ে ২০১৬ আৰু ২০২১ চনৰ অসমৰ বিধানসভা নিৰ্বাচনত অসমত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল। কিন্তু ইয়াৰ পিছতো ২০১৯ চনত অসমত হোৱা ‘কা’ বিৰোধী আন্দোলনক প্রশমিত কৰাৰ উদ্দেশ্যে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বাবে ৰাজ্যসভাত এক বিধেয়ক উত্থাপন কৰি দায়িত্ব সামৰাৰ বাদে আন কোনো বিশেষ পদক্ষেপ বিজেপিয়ে গ্রহণ নকৰিলে।

সেয়ে টাইপাই বিজেপি আৰু চৰকাৰক সকীয়াই দি কয় যে, প্ৰতিশ্ৰুতি আৰু প্ৰতাৰণা বহুত হ'ল, এতিয়া পৰিণামৰ বাবে সাজু হওঁক।” অনাগত লোকসভা নিৰ্বাচনত আহোম জনগোষ্ঠীৰ লোকে এই প্ৰতাৰণাৰ প্ৰতিফল বেলটৰ যোগেদি দিব। ইয়াৰ বাবে বিজেপিৰ প্ৰতাৰণাৰ সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে অতি শীঘ্ৰেই গাঁৱে গাঁৱে ৫ লাখ প্ৰচাৰ পত্ৰ বিতৰণ কৰা হ'ব বুলিও টাইপাৰ সভাপতি দিগন্ত তামুলীয়ে উল্লেখ কৰে।

আজিৰ এই প্ৰতিবাদত টাইপাৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি দীপক চেতিয়া আৰু কাৰ্যকৰী সভাপতি জয়ন্ত বৰগোহাঁইৰ নেতৃত্বত টাইপাৰ প্ৰায় তিনি শতাধিক কর্মী উপস্থিত থাকে।

বিজেপিৰ প্ৰতিশ্ৰুতি আৰু প্ৰতাৰণাত ক্ষুদ্ধ টাইপাঃ শিৱসাগৰত টাইপাৰ প্ৰতিবাদ
এজেপিক এখন আসন দি ১৩ খন আসনত প্ৰতিদ্বন্দিতা কৰবি কংগ্ৰেছে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in