/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/da4c552e-238c-498d-aaec-e5892e8e843f/KOKRAJHAR_1.jpg)
বুলেট লৈ অহা চিলনী চোৰৰ বিলৈ: ৰাইজে দিলে উত্তম মাধ্যম...
ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰত চিলনী চোৰ আটক । চিলনী চোৰটোক স্থানীয় ৰাইজে আটক কৰি গটাই দিয়ে আৰক্ষীক। জানিব পৰা মতে জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ কোৱাৰ্টাৰৰ কাষতেই হেলমেট পৰিধান কৰি অহা চিলনী চোৰটোৱে এগৰাকী মহিলাৰ পৰা থপিয়াই নিছিল সোণৰ চেইন ।
ইয়াৰ পাছতেই মহিলাগৰাকীয়ে চিঞঁৰ -বাখৰ কৰাত প্ৰথমে চোৰটোক খেদি যায় এজন যুৱকে। পিছে পিছে স্থানীয় ৰাইজেও চিলনী চোৰটোক খেদি যায়। অৱশেষত চিলনী চোৰটোক বেছিক ট্ৰেইনিং চেণ্টাৰৰ সমীপত কৰায়ত্ত কৰিবলৈ সক্ষম হয়।
চোৰটোক কৰায়ত্ত কৰিয়েই স্থানীয় ৰাইজে উত্তম মাধ্যম সোধাই যদিও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ক্ষোভিত ৰাইজৰ মাজৰ পৰা উদ্ধাৰ কৰি লৈ যায়। আনহাতে আৰক্ষীয়ে জব্দ কৰিছে চোৰটোৱে লৈ অহা এখন বুলেট।
ঘটনা সন্দৰ্ভত অধিক তদন্তৰ বাবে কোকৰাঝাৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। স্মৰ্তব্য, কোকৰাঝাৰ সদৰ চহৰত দিনক দিনে বৃদ্ধি পাই আহিছে চিলনী চোৰৰ সন্ত্ৰাস।
বিগত কিছু মাহৰ পৰা প্ৰায়ে কোকৰাঝাৰ সদৰ চহৰত চোৰৰ সন্ত্ৰাস বহু পৰিমাণে বৃদ্ধি পাইছে। স্থানীয় লোকে শীঘ্ৰেই এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আৰক্ষীক এই চিলনী চোৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছে।