চৰাইদেউত "স্বচ্ছতা হী সেৱা" কাৰ্যসূচী

চৰাইদেউত "স্বচ্ছতা হী সেৱা" কাৰ্যসূচী

author-image
Asomiya Pratidin
New Update
চৰাইদেউত "স্বচ্ছতা হী সেৱা" কাৰ্যসূচী

ডিজিটেল সংবাদ,চৰাইদেউঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ প্ৰতি সহাৰি জনাই "স্বচ্ছতা হী সেৱা" কাৰ্যসূচীত অংশ হিচাপে দেওবাৰে চৰাইদেউ জিলাৰ বিভিন্ন স্থানতপৰিষ্কাৰ- পৰিচ্ছন্নতাৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ এই উপলক্ষে চৰাইদেউ মৈদাম ক্ষেত্ৰত লগতে চিৰিংপুখুৰী প্ৰাথমিক বিদ্যালয়ত এঘণ্টাৰ বাবে ৰূপায়ণ কৰা হয় চাফাই কাৰ্যসূচী ৷

Advertisment

গান্ধী জয়ন্তীৰ প্ৰাকক্ষণত চি আৰ পি এফৰ উদ্যোগত চিৰিং পুখুৰী প্ৰাথমিক বিদ্যালয় চৌহদত পৰিষ্কাৰ কৰা লগতে আৱৰ্জনা নিষ্কাশনৰ কাম হাতত লোৱা হয় ৷ ইফালে ঐতিহাসিক চৰাইদেউ ক্ষেত্ৰলৈ প্ৰৱেশ কৰা শ-নিয়া আলিত হাতে হাতে মহিলা সকলে ঝডুলৈ এক পৰিষ্কাৰ- পৰিচ্ছন্নতাৰ কাৰ্যসূচী হাতত লয়।

Also Read: চিকিৎসাৰ অভাৱত শিলঘাটত গঁড়ৰ মৃত্যু!

swach bharat