/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/eca4f111-95d0-4869-afa0-705699c02881/AP_FOR_WEB_rhino.jpg)
ডিজিটেল ডেস্কঃ কলিয়াবৰৰ শিলঘাটত আঘাতপ্রাপ্ত হৈ মৃত্যু হয় এটি এশিঙীয়া গঁড়ৰ। দেওবাৰে পুৱা শিলঘাটৰ কলিয়াবৰ মেন’ৰ ৰিজ’ৰ্ট চৌহদত উদ্ধাৰ হৈছে গঁড়টোৰ মৃতদেহ।
জানিব পৰা মতে, প্ৰায় দুমাহ পূৰ্বে আঘাতপ্ৰাপ্ত গঁড়টোৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহি কেইবাদিনো শিলঘাট চাহ বাগিচাৰ সমীপত আশ্ৰয় লৈ আছিল।অভিযোগ অনুসৰি, বিগত দুমাহে গঁড়টোৱে আঘাতৰ কোনো ধৰণৰ চিকিৎসা নোপোৱাৰ ফলত দেওবাৰে মৃত্যুক সাৱটি ল'বলগীয়া হয়।
উল্লেখ্য যে, ছেপ্তেম্বৰ মাহৰ আৰম্ভণিতে মৰিগাঁৱৰ পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ ভিতৰতো উদ্ধাৰ হৈছিল এটা মাইকী গঁড়ৰ মৃতদেহ।
Also Read: মুঠ ৯০ জন আৰক্ষীলৈ ২০২৩ বৰ্ষৰ আৰক্ষী সঞ্চালক প্ৰধানৰ প্ৰশংসা পদক
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us