/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/f5194d60-d95f-4e08-aed6-e6eb33f76d95/AP_FOR_WEB_jee_.jpg)
শিৱসাগৰৰ শিৱাংশু, চিৰাগ, ৰক্তোপল আৰু আনিদৰ সাফল্য
ডিজিটেল সংবাদ,শিৱসাগৰ : ইতিপূৰ্বে ঘোষণা কৰা সৰ্বভাৰতীয় পৰ্যায়ৰ চূড়ান্ত প্ৰতিযোগিতামূলক পৰীক্ষা জে ই ই এডভান্সত শিৱসাগৰৰ ৪গৰাকী ছাত্ৰই সুখ্যাতিৰে উত্তীৰ্ণ হৈ আই আই টিৰ দৰে উচ্চ শিক্ষা প্ৰতিষ্ঠানত ইঞ্জিনীয়াৰিং শিক্ষা গ্ৰহণৰ সুযোগ লাভ কৰিছে ৷ চহৰখনৰ অসম ৰাজ্যিক পৰিবহণ তিনিআলিৰ সমীপৰ শিৱাংশু শৰ্মাই জে ই ই এডভান্স পৰীক্ষাত সৰ্বভাৰতীয় পৰ্যায়ত ৫৩৩৩ স্থান আৰু চি ই ই অসমৰ ভিতৰত পঞ্চম স্থান অধিকাৰ কৰিছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/3c6342e3-c7f7-420f-90df-864e6459cd25/dc228c91-6e05-4e06-96b8-92d6a4014fa8.jpg)
ছাত্ৰগৰাকীয়ে ভিলাই আই আই টিত কম্পিউটাৰ চায়েন্স বিভাগত নামভৰ্তি কৰাৰ সুযোগ লাভ কৰিছে ৷ উল্লেখ কৰা প্ৰয়োজন যে শিৱাংশু শৰ্মা ডিমৌ চিকিৎসালয়ৰ বিষয়া তথা ক্ৰীড়া সংগঠক ডা° প্ৰশান্ত প্ৰতীম শৰ্মা আৰু ডা° বন্দনা গুপ্তাৰ একমাত্ৰ পুত্ৰ সন্তান ৷
ইফালে শিৱসাগৰৰ কেন্দ্ৰীয় বজাৰৰ সমীপৰ চিৰাগ আগৰৱালাই জে ই ই এডভান্স পৰীক্ষাত সৰ্বভাৰতীয় পৰ্যায়ত ৭০৫৮ নং স্থান লাভ কৰিছে। লগতে চি ই ই অসমৰ ভিতৰত সপ্তম স্থান লাভ কৰিবলৈ সক্ষম হয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/8f3bf352-fb90-4246-b53e-78d47cdcf872/388aeaec-f6c1-4777-863e-de24f9885fea.jpg)
গুজৰাটৰ গান্ধীনগৰ আই আই টিত নামভৰ্তিৰ সুযোগ লাভ কৰা চিৰাগ আগৰৱালা ব্যৱসায়ী সুনীল কুমাৰ আগৰৱালা আৰু আনিচা আগৰৱালাৰ দ্বিতীয় সন্তান ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/b53c02fc-e905-42e0-8720-6646a543e17f/8eb78d60-85b7-4226-9f1a-b4391a28b664.jpg)
একেদৰে শিৱসাগৰ চহৰৰ সমীপৰ বেতবাৰী দ গাঁৱৰ ৰক্তোপল বৰাই জে ই ই এডভান্স পৰীক্ষাত সৰ্বভাৰতীয় পৰ্যায়ত ১২৬২৪ নং স্থান দখল কৰে ৷ নামতিৰ ছহিদ পিয়লি ফুকন কলেজৰ অধ্যাপক পবিত্ৰ বৰা আৰু প্ৰীতি ৰেখা বৰাৰ পুত্ৰ ৰক্তোপলে পাটনা আই আই টিৰ কেমিকেল ইঞ্জিনীয়াৰিং শাখাত নাম ভৰ্তি কৰাৰ সুযোগ লাভ কৰিছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/a45de902-3b8e-423a-a3fe-14995ff7dd73/3901428c-36f4-43c1-9af7-4aa5d6244b5e.jpg)
আনহাতে শিৱসাগৰ জয়সাগৰ তিনিআলিৰ সমীপৰ আনিদ এ দাসেও এই পৰীক্ষাত উত্তীৰ্ণ হৈ কমিউনিকেশ্যন ইঞ্জিনীয়াৰিঙত নামভৰ্তিৰ সুযোগ লাভ কৰিছে ৷ তেওঁ অ’এন জি চিৰ বিষয়া অৰুয দাসৰ পুত্ৰ ৷ চহৰখনৰ চাৰিগৰাকী ছাত্ৰই সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাত লাভ কৰা কৃতকাৰ্যতাই জনসাধাৰণক উৎফুল্লিত কৰিছে ৷
Also Read: ৰাঙলুত নিচাযুক্ত দ্ৰব্যসহ এজনক আটক