পাঠদান চলি থাকোতেই বিদ্যালয়ৰ পৰা ছাত্ৰক অপহৰণ...

শিৱসাগৰৰ আমগুৰিত চাঞ্চল্যকৰ ঘটনা। বিদ্যালয়ৰ পাঠদান চলি থকা অৱস্থাতে তৃতীয় শ্রেণীৰ ছাত্রক অপহৰণৰ কাণ্ড পোহৰলৈ আহিছে।

author-image
Asomiya Pratidin
New Update
পাঠদান চলি থাকোতেই বিদ্যালয়ৰ পৰা ছাত্ৰক অপহৰণ...

ডিজিটেল ডেস্কঃ শিৱসাগৰৰ আমগুৰিত চাঞ্চল্যকৰ ঘটনা। বিদ্যালয়ৰ পাঠদান চলি থকা অৱস্থাতে তৃতীয় শ্রেণীৰ ছাত্রক অপহৰণৰ কাণ্ড পোহৰলৈ আহিছে। বুধবাৰে সংঘটিত হয় এই ঘটনা।

Advertisment

আমগুৰিস্থিত মণ্টেশ্বৰী জাতীয় বিদ্যালয়ৰ পৰা অপহৰণ ছাত্ৰগৰাকীক। অপহৃত ছাত্রজনৰ নাম অনিকীত দুৱৰী বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে তিনি দুৰ্বৃত্তই আহি বিদ্যালয়ৰ পৰাই অপহৰণ কৰে অনিকীতক।ইতিমধ্যে ঘটনা সন্দৰ্ভত আমগুৰি থানাত এজাহাৰ দাখিল কৰিছে বিদ্যালয় কৰ্তৃপক্ষই।

ছাত্ৰগৰাকীৰ পিতৃয়েও অপহৰণ সন্দৰ্ভত দাখিল কৰিছে এজাহাৰ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

Also Read: পত্নীসহ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফটোঃ কিয় শ্বেয়াৰ কৰিলে গৌৰৱ গগৈয়ে...

Assam police