শিৱসাগৰত নলা খান্দি থকা অৱস্থাত অগ্নিকাণ্ড: ঘটনাত এটি দেৱশিশু নিহত হোৱাৰ বিপৰীতে আহত...

শিৱসাগৰত নলা খান্দি থকা অৱস্থাত অগ্নিকাণ্ড: ঘটনাত এটি দেৱশিশু নিহত হোৱাৰ বিপৰীতে আহত...

ডিজিটেল ডেস্ক : পৌৰসভাৰ দায়িত্বহীন কাণ্ডৰ বাবেই শিৱসাগৰত সংঘটিত হ'ল ভয়ংকৰ ঘটনা। এক্সকেভেটৰেৰে নলা খান্দি থকা অৱস্থাত সৃষ্টি হোৱা অগ্নিকাণ্ডৰ ফলত অগ্নদগ্ধ হৈ এজন নিহত হোৱাৰ বিপৰীতে আহত হয় আন তিনিজন লোক।

শিৱসাগৰৰ যমুনা ৰোড চাৰিআলিত সংঘটিত হয় এই ঘটনা। এক্সকেভেটৰেৰে নলা খান্দি অৱস্থাত গেছ পাইপ লাইন ক্ষতি হৈ সংঘটিত হয় এই অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত এটি বাসগৃহত সূত্ৰপাত হয় অগ্নিকাণ্ড, যাৰ ফলত অগ্নিদগ্ধ হৈ মৃত্যু মুখত পৰে এটি দেৱশিশুটি। অগ্নিদগ্ধ দেৱশিশুটিক অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসাধীন অৱস্থাত মৃত্যু হয় শিশুটিৰ। মৃত শিশুটিৰ নাম ভাগ্যশ্রী দাস ।

আনহাতে শিশুটিৰ মাতৃ পপী দাস বৰ্তমানেও সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। ঘটনাত আহত হৈছে এক্সকেভেটৰৰ চালক জনো। পৌৰসভাৰ দায়িত্বহীন কাণ্ড বাবেই সংঘটিত হয় এই ঘটনা। নলা খননৰ সময়ত নাছিল কোনো বিষয়ববীয়া যাৰ বাবে এই ঘটনা সংঘটিত হয়।

শিৱসাগৰত নলা খান্দি থকা অৱস্থাত অগ্নিকাণ্ড: ঘটনাত এটি দেৱশিশু নিহত হোৱাৰ বিপৰীতে আহত...
এইবাৰ কাছৰ বাবে চৰ্চা লাভ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in