ডিজিটেল সংবাদ, নামতিঃ শিৱসাগৰ জিলাৰ নামতি বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শনিবাৰে শ্ৰেণীকোঠা এৰি প্ৰতিবাদত নামি পৰে ছাত্ৰ সকল । জানিব পৰা মতে, বিদ্যালয় খনৰ সহঃশিক্ষকক জীৱন খনিকৰক আন এখন বিদ্যালয়লৈ বদলিৰ নিৰ্দেশৰ দিছে। শিক্ষাগুৰুজনৰ বদলিকৰণৰ নিৰ্দেশ অহাৰ পিছতে ছাত্ৰসকলৰ মাজত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
যাৰ বাবে আজি শ্ৰেণী বৰ্জন কৰি বিদ্যালয়খনৰ গেটৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰসকলে। প্ৰতিবাদকাৰী ছাত্ৰ সকলে "জীৱন খনিকৰ ছাৰক ৰাখিব লাগিবই, মৰমৰ জীৱন খনিকৰ ছাৰৰ বদলি কোনোপধ্যে মানি লোৱা নহয়, প্ৰয়োজনত প্ৰতিবাদ হ'ব,কিন্তু বদলিকৰণ কৰিবলৈ নহ'ব আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।
নামতি বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহঃশিক্ষক জীৱন খনিকৰ বদলিৰ নিৰ্দেশ এতিয়া সহজভাৱে ল'ব পৰা নাই বিদ্যালয়ৰ ছাত্ৰ সকলে। কাৰণ তেওঁলোকৰ অতিকৈ মৰমৰ শিক্ষাগুৰু জনক আন এখন বিদ্যালয়লৈ গুচি যাব। আজি বিদ্যালয়খনৰ ছাত্ৰ সকলে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা মতে, তেওঁলোকৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুজনক কোনোপধ্যে হেৰুৱাব নিবিচাৰে । প্ৰয়োজন হ'লে শ্ৰেণীকোঠা বৰ্জনৰ লগতে প্ৰতিবাদ অব্যাহত ৰাখিব ।
অভিভাৱকসকলেও শিক্ষকজনৰ বদলিকৰণৰ নিৰ্দেশ স্থগিত ৰাখিবলৈ আহ্বান জনাইছে । ইফালে বৰ্তমান চিকিৎসাধীন অৱস্থাত ছুটীত থকা বিদ্যালয়খনৰ ছাত্ৰসকলৰ মৰমৰ জীৱন খনিকৰ ছাৰৰ বদলিকৰণ বাতিল হ'বনে নাই, সেইয়া পৰৱৰ্তী সময়তহে প্ৰতিপন্ন হ'ব ।