/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/0675f74f-2f6b-42ab-9e1f-32e4fc6c2aa6/sai 6.jpg)
শিৱসাগৰত একাদশ শ্ৰেণীৰ ছাত্ৰৰ ছুৰীৰ আঘাতত প্ৰাণ হেৰুৱালে অধ্যক্ষই...
ডিজিটেল ডেস্কঃ শিৱসাগৰত সংঘটিত হ'ল এক চাঞ্চল্যকৰ ঘটনা। শিক্ষাৰ্থীৰ ছুৰীৰ আঘাতত প্ৰাণ হেৰুৱালে অধ্যক্ষই। শনিবাৰে শিৱসাগৰৰ ছাই বিকাশ একাডেমীত সংঘটিত হৈছে এই ঘটনা।
প্ৰাথমিক খবৰ অনুসৰি ছাই বিকাশ একাডেমীৰ একাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰই ছাই অধ্যক্ষ ৰাজেশ বাবুক ছুৰীৰে আঘাত কৰে। ইয়াৰ পাছতে তেওঁক সংকতজনক অৱস্থাত ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় যদিও ডিব্ৰুগড় নাপাওঁতেই পথতে তেওঁৰ মৃত্যু হয়।
জে ই ই, চি ই ই, নীট আদিৰো কোচিং দিয়া এই শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ ৰাজেশ বাবুক কিয় এইদৰে ছাত্ৰজনে ছুৰীৰে আক্ৰমণ কৰি হত্যা কৰিলে সেয়া এতিয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে। এই বিষয়ত এতিয়ালৈকে কোনো তথ্য লাভ কৰিব পৰা নাই।
Also Read: ২২ জুলাইৰ পৰা সংসদৰ বাজেট অধিবেশনঃ ২৩ জুলাইত দাখিল কৰিব বাজেট...